গুৱাহাটী, ১৬ আগষ্টঃ শ্বিলঙত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে চহৰখনত দেওবাৰে নিশা ৮ বজাৰ পৰা 'সম্পূৰ্ণ সান্ধ্য আইন' জাৰি কৰাৰ লগতে পূব খাচী পাহাৰ, পশ্চিম খাচী পাহাৰ, দক্ষিণ পশ্চিম খাচী পাহাৰ আৰু ৰি-ভ'য় এই ৪ খন জিলাত ইন্টাৰনেট আৰু এছ এম এছ সেৱা কৰ্তন কৰিছে।
ৰাজ্য চৰকাৰে জাৰি কৰা সান্ধ্য আইন ১৭ আগষ্টৰ পুৱা ৫ বজালৈ অথবা পৰিৱেশ ক্ষান্ত নোহোৱা পৰ্যন্ত কাৰ্যকৰী হৈ থাকিব বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিয়ে।
ইপিনে, সম্পূৰ্ণ সান্ধ্য আইনৰ দ্বাৰা প্ৰভাৱিত এলেকাবোৰ হৈছে –
১. শ্বিলঙৰ পৌৰ নিগমৰ অঞ্চল
২. শ্বিলঙৰ কণ্টেইনমেণ্ট অঞ্চল
৩. লোকপিয়ল নগৰকে ধৰি মাওলাই খণ্ডৰ অধীনৰ সকলো অঞ্চল
৪. লোকপিয়ল নগৰকে ধৰি মাওপাট খণ্ডৰ অধীনৰ সকলো অঞ্চল
৫. উমশ্ৰপি দলঙৰ পৰা সাতমাইল, আপাৰ শ্বিলঙৰ (Upper Shillong) মাইলিয়াম ব্লকৰ অধীনৰ এলেকাবোৰ
মাডাণ্টিং, মাওবলি, লাইটকোৰ, নংকছেহ, উমলিংকা, ল'জ'হটুন, মাওডিয়াংডিয়াং, ডিয়েংগিয়াং, চিজিয়ং আদি। উক্ত সান্ধ্য আইন জাৰি থকা সময়ছোৱাত, ৰাজহুৱা চলাচল নিষিদ্ধ থকাৰ লগতে দোকান, কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান, আৰু সকলো শিক্ষানুষ্ঠান বন্ধ হৈ থাকিব।
নিৰ্দেশনাত এইটোও কোৱা হৈছিল যে এই সময়ছোৱাত জনসমাৱেশ, ৰাজহুৱা সভা বা সমদল অনুষ্ঠিত কৰিব নোৱাৰিব।
Comments