গুৱাহাটী, ১৬ আগষ্টঃ ২০২০ চনৰ পৰা আৰম্ভ হোৱা সংগীত ৰিয়েলিটি শ্ব' ইণ্ডিয়ান আইডলৰ ১২ নং সংস্কৰণ সফলতাৰে সমাপ্তি ঘটে। উক্ত সংস্কৰণত পৱনদীপ ৰাজনে তেওঁৰ ৫ গৰাকী প্ৰতিদ্বন্দীক পৰাস্ত কৰি বিজয়ী হ'বলৈ সক্ষম হয়।
লগতে অৰুণিতা কাঞ্জিলালক 'ইণ্ডিয়ান আইডল-১২'ৰ দ্বিতীয় ৰানাৰ-আপ হিচাপে ঘোষণা কৰা হয়। আনহাতে চেলী কাম্বলে তৃতীয় ৰানাৰ-আপ, চাৰি নম্বৰত ডেনিছ, পঞ্চম স্থানত নিহাল আৰু ষষ্ঠ নম্বৰত শ্যানমুখপ্ৰিয়া আছে।
বিজয়ী প্ৰাৰ্থী পৱনদীপৰ জন্ম ১৯৯৬ চনত চম্পাৱত জিলাৰ ভালচাউদা গাঁৱত হৈছিল। তেওঁ চম্পাৱতৰ পৰা অধ্যয়ন কৰিছিল। তেওঁৰ দেউতাক সুৰেশ ৰাজন আৰু তেওঁক সৰুৰে পৰা সংগীত শিকাইছিল আৰু পৱন দীপ ৰাজন পৰিয়ালটোৰ সংগীতৰ উত্তৰাধিকাৰী হৈ পৰিছিল। তেওঁৰ ককাদেউতাক ৰতি ৰাজন তেওঁৰ সময়ৰ এগৰাকী বিখ্যাত লোক সংগীত গায়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল।
ইপিনে, বিজয়ী পৱনদীপক 'ইণ্ডিয়ান আইডল ১২' ৰ তৰফৰ পৰা এটা ট্ৰফীৰ লগতে চুযুকী ছুইফ্ট বাহন আৰু নগদ ২৫ লাখ টকাৰ চেক পুৰস্কাৰ হিচাপে প্ৰদান কৰা হয়।
Comments