গুৱাহাটী, ১৬ আগষ্টঃ মানুহৰ মনত দৃঢ়বিশ্বাস আৰু সঠিক পৰিকল্পনাৰে কামত নিয়োজিত হ'লে বয়সেও কোনো প্ৰভাৱ পেলাব নোৱাৰে। ঠিক তেনেদৰে ৫ বছৰ আগতে ৯০ বছৰ বয়সত ব্যৱসায় আৰম্ভ কৰা ছণ্ডিগড়ৰ এগৰাকী ৯৫ বছৰীয়া বৃদ্ধ মহিলা হৰভজন কৌৰৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল প্ৰচাৰিত হৈ পৰিছে। কিয়নো ৯৫ বছৰীয়া মহিলা গৰাকীয়ে মিঠাই আৰু অন্যান্য বস্তু প্ৰস্তুত কৰি ব্যৱসায় আৰম্ভ কৰা পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে বিখ্যাত হৈ পৰিছে।
উদ্যোগী হৰভজন কৌৰে ৯০ বছৰ বয়সত এদিন হঠাতে অনুভৱ কৰিছিল যে, "তেওঁ এতিয়ালৈকে নিজে একো উপাৰ্জন কৰিবলৈ পৰা নাই। তেতিয়া তেওঁৰ জীয়েকে তেওঁক বেচনৰে প্ৰস্তুত কৰা বৰফি বনাই বিক্ৰী কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। হৰভজন কৌৰে প্ৰথম দিনাই তেওঁ প্ৰস্তুত কৰা মিঠাইবোৰ বহু পৰিমাণত বিক্ৰী হৈছিল আৰু তেওঁ কঠোৰ পৰিশ্ৰমেৰে ৯০ বছৰ বয়সত প্ৰথমবাৰৰ বাবে ২,০০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল।
তেতিয়াৰ পৰা তেওঁ কেতিয়াও পিছলৈ ঘূৰি নোচোৱাকৈ মিঠাই প্ৰস্তুত কৰাৰ লগতে সামাজিক মাধ্যমৰ এক জনপ্রিয় মঞ্চ 'ইনষ্টাগ্ৰাম'ত মিঠাই প্ৰস্তুত কৰা ভিডিঅ প্ৰচাৰ কৰি বহুলোকৰ পৰা মিঠাইৰ অৰ্ডাৰ লাভ কৰি আহিছে।
ইয়াৰ লগে লহে বৰ্তমানৰ ৯৫ বছৰীয়া হৰভজন কৌৰে মিঠাই প্ৰস্তুত কৰি সামাজিক মাধ্যমৰ জগতখনত জনপ্রিয় হৈ পৰিছে। মহিলা গৰাকীৰ সামাজিক মাধ্যমত তাৰকা হৈ পৰাত তেওঁৰ নাতিনীয়েকে উল্লেখনীয় অৱদান আগবঢ়াইছে। বৰ্তমান মহিলাগৰাকীয়ে লাখ টকা পর্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।
Comments