গুৱাহাটী, ১৯ আগষ্টঃ আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিয়ে ৫১ জন ঘনিষ্ঠৰ সৈতে দেশৰ পৰা পলাই গৈছিল। আফগানিস্তান ইণ্টাৰনেশ্যনেল অনুসৰি তালিবানে কাবুল দখল কৰাৰ পূৰ্বে ঘানিয়ে তেওঁৰ ঘনিষ্ঠ লোকসকলৰ সৈতে ৰাছিয়ান বিমানেৰে সংযুক্ত এৰাৱ এমিৰেইট (ইউ.এ.ই.)লৈ পলায়ন কৰিছিল।
তেওঁৰ সৈতে দেশ ত্যাগ কৰি পলাই অহা লোকসকল ক্ৰমে ৰাষ্ট্ৰপতিৰ পত্নী ৰুলা ঘানি, আফগানিস্তান ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হামদুল্লাহ মহিব আৰু ক্ৰিকেটাৰ মহম্মদ নবীকে ধৰি অন্যান্য ঘনিষ্ঠ ব্যক্তিসকল।
ইপিনে, কাবুলৰ ৰাছিয়াৰ দূতাবাসে শেহতীয়াকৈ জনাইছে যে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিয়ে চাৰিখন গাড়ী আৰু নগদ ধনভৰ্তি বেগ লগত লৈ পলায়ন কৰিছিল। তেওঁ পূৰ্বে ওমান আৰু তাজিকিস্তানত থাকিব বুলি কোৱা হৈছিল, কিন্তু বৰ্তমান ঘানিয়ে আৰৱত বাহৰ পাতিছে বুলি খবৰ পোৱা গৈছে।
আনহাতে, তাজিকিস্তানৰ আফগানিস্তান দূতবাসে ৰাজহুৱা সম্পত্তি চুৰি কৰাৰ অভিযোগত আশ্ৰাফ ঘানি, হামদুল্লাহ মহিব আৰু ফজল মহমুদ ফজলীক আটক কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে, যাতে ধনখিনি আফগানিস্তানলৈ ঘূৰাই আনিব পৰা যায়। কিন্তু, আশ্ৰাফ ঘানিয়ে দেশৰ পৰা প্ৰস্থান কৰা সন্দৰ্ভত স্পষ্টকৈ কয় যে, "মই কোনো ধনৰ বেগ লৈ পলাই অহা নাই। যদিহে মই দেশ ত্যাগ নকৰিলো হয়, তেন্তে আফগানিস্তানত অধিক ৰক্তপাতৰ ঘটনা দেখিবলৈ পোৱা গ'ল হয়।"
Comments