গুৱাহাটী, ১৯ আগষ্টঃ দৈনন্দিন জীৱনত সকলো লোকে সুস্থ হৈ থাকিব বিচাৰে আৰু কোনেও শৰীৰৰ ওজন বৃদ্ধি হোৱাটো পছন্দ নকৰে। এনে পৰিস্থিতিত ৱেলছৰ স্বানচি চহৰৰ কিলি ফেভেল নামৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীয়ে অস্বাভাৱিক হাৰত ওজন বৃদ্ধি হোৱা বাবে অতিকৈ শংকিত হৈ পৰিছিল। কিলি ফেভেলে ওজন হ্ৰাস কৰাৰ কেইবাটাও উপায় অৱলম্বন কৰিছিল। আহাৰৰ পৰা ব্যায়াম কৰালৈকে যথেষ্ট চেষ্টা কৰিছিল, কিন্তু কোনোধৰণৰ ভাল ফলাফল দেখা নাছিল।
কিলি ফেভেলে পৰৱৰ্তী সময়ত চিকিৎসকৰ ওচৰলৈ গৈছিল, য'ত কিলিৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত এটা আচৰিত ঘটনা দেখিবলৈ পোৱা গৈছিল। মানুহে সদায়ে কিলিক ৯ মাহৰ গৰ্ভৱতী' বুলি কৈছিল আৰু ঠাট্টা-মস্কৰা কৰিছিল। কিন্তু চিকিৎসকসকলে কিলি ফেভেলৰ ঘটনাটো গুৰুত্বসহকাৰে পৰ্য্যবেক্ষণ কৰিছিল, য'ত তেওঁলোকে দেখি স্তম্ভিত হৈ পৰিছিল যে কিলিৰ পেটত ফুটবলৰ আকৃতিৰ এটা পিণ্ড (Cyst) আছে, যাৰ ফলত কিলিৰ পেট অস্বাভাৱিক হাৰত ফুলি গৈছিল।
অৱশ্যে, চলিত বৰ্ষৰ এপ্ৰিল মাহত কিলি ফেভেলৰ অস্ত্ৰোপচাৰ সম্পন্ন হয় আৰু পিণ্ডটো আঁতৰ কৰা হয়। পৰৱৰ্তী সময়ত ফেভেলে অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বৰ সময়ৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি কৈছিল যে, "মই যেতিয়াই বাহিৰলৈ ওলাই গৈছিলো, মানুহে মোক ৯ মহীয়া গৰ্ভৱতী বুলি মোক জোকাইছিল। পিছত চিকিৎসকে মোক বুজাই কৈছিল যে মোৰ পেটত ফুটবলৰ সমান এটা পিণ্ড (Cyst) আছে।
প্ৰথমতে চিকিৎসকসকলে পেটত বিষ থকা বাবে বৃক্কৰ পাথৰ হোৱা বুলি বিবেচনা কৰিছিল। কিন্তু অনুসন্ধানৰ পিছত দেখা গৈছিল যে মোৰ পেটত এটা যথেষ্ট ডাঙৰ পিণ্ড (Cyst) আছে। পৰৱৰ্তী সময়ত চিকিৎসকসকলে অস্ত্ৰোপচাৰ কৰি পিণ্ডটো বাহিৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান মই সুস্থ অনুভৱ কৰিছো।"
Comments