গুৱাহাটী, ১৭ আগষ্টঃ আফগানিস্তানৰ পৰিস্থিতি বৰ্তমান বিশ্বৰ সকলো দেশে নিৰীক্ষণ কৰি আছে। আফগানিস্তান দখল কৰা তালিবানে আফগান সেনাক আঁঠু কাঢ়িবলৈ বাধ্য কৰিছে। যিবোৰ ভিডিঅ' তালিবানীয়ে সামাজিক মাধ্যমত প্ৰচাৰ কৰি আছে। এসময়ত কলা-সংস্কৃতি আৰু চিনেমা দৃশ্যগ্ৰহণৰ বাবে উল্লেখযোগ্য আৰু জনাজাত স্থান আফগানিস্তানত, বৰ্তমান তালিবান শাসনৰ অধীনস্থ হৈ পৰিছে। এসময়ত পৰ্যটকৰ দ্বাৰা পৰিপূৰ্ণ সুন্দৰ আফগানিস্তান এতিয়া ধ্বংসস্তূপত পৰিণত হৈছে।
লগতে, য'ত স্থানীয় লোকসকলে প্ৰাণৰ ভয়ত পলাব লগীয়া হৈছে, তাত বৰ্তমান চিনেমাৰ দৃশ্যগ্ৰহণ কৰাটো কল্পনা কৰিব নোৱাৰি। কিন্তু এটা সময় আছিল যেতিয়া হিন্দী চিনেমা নিৰ্মাতাসকলে আফগানিস্তানত তেওঁলোকৰ চিনেমাৰ বাবে উৎকৃষ্ট স্থান বিচাৰি পাইছিল।
ধৰ্মাত্মা চিনেমাখনক আফগানিস্তানৰ ভূমিত দৃশ্যগ্ৰহণ কৰা প্ৰথম খন হিন্দী চিনেমা বুলি বিশ্বাস কৰা হয়। ইয়াৰ পিছত আফগানিস্তানৰ সুন্দৰ ভূমিত কেইবাখনো চিনেমাৰ দৃশ্যগ্ৰহণ কৰা হৈছিল। কিন্তু তালিবানৰ আতংকময় পৰিৱেশৰ বাবে চিনেমা নিৰ্মাতাসকলে লাহে লাহে তাত দৃশ্যগ্ৰহণ কৰা পৰিহাৰ কৰিলে।
ইপিনে, আফগানিস্তানৰ কিছু অংশত দৃশ্যগ্ৰহণ কৰা অন্তিমখন বলীউডৰ চিনেমাখনেই হৈছে তোৰবাজ। য'ত সঞ্জয় দত্ত শিশু আত্মঘাতি বোমাৰুৰ ষড়যন্ত্ৰৰ ওপৰত ছবিখনত মুখ্য চৰিত্ৰত আছিল আৰু ছবিখনৰ কিছু অংশ আফগানিস্তানত দৃশ্যগ্ৰহণ কৰা হৈছিল। তোৰবাজ চিনেমাখন ২০১৭ চনত আফগানিস্তানত দৃশ্যগ্ৰহণ কৰা হৈছিল আৰু ২০১৯ চনত মুক্তি দিয়াৰ কথা আছিল কিন্তু ক'ৰনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত ইয়াক ২০২০ চনত অ’টিটি প্লেটফৰ্মত মুকলি কৰি দিয়া হয়।
আনহাতে, ছবিখন পৰিচালনা কৰি গিৰীশ মালিকে তেওঁৰ অভিজ্ঞতা ব্যক্ত কৰি কৈছিল যে, "আফগানিস্তানত দৃশ্যগ্ৰহণ কৰাটো অতিকৈ বিপদজনক। আমি দৃশ্যগ্ৰহণ কৰি থকা সময়ত আফগানি সেনাজোৱানে আমাক চাৰিওফালৰ পৰা নিৰাপত্তা প্ৰদান কৰিছিল। কিয়নো তাত প্ৰতিটো মূহুর্ততে বোমা-বাৰুদ বিস্ফোৰণৰ ভাবুকি উৎপন্ন হৈছিল।"
Comments