Classifieds
View All
গুৱাহাটী, ১৭ আগষ্টঃ সামাজিক মাধ্যমৰ উল্লেখনীয় মঞ্চ ফেচবুকে তালিবানসকলক এটা সন্ত্ৰাসবাদী গোট হিচাপে চিনাক্ত কৰাৰ লগতে সকলো ধৰণৰ সমল ফেচবুকৰ মঞ্চৰ পৰা নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
ফেচবুকে উল্লেখ কৰা প্ৰতিবেদন অনুসৰি, তালিবানী সদস্যসকলে ফেচবুকৰ এণ্ড-টু-এণ্ড এনক্ৰিপ্টেড মেচেজিং সেৱা হোৱাটছএপ ব্যৱহাৰ কৰি আফগানিস্তানৰ লোকসকলৰ সৈতে পোনপটীয়াকৈ যোগাযোগ স্থাপন কৰি আহিছে, যি কোম্পানীটোৰ নিয়মৰ বাহিৰত।
উক্ত বিষয় সন্দৰ্ভত ফেচবুকৰ মুখপাত্ৰই কয় যে, "কোম্পানীটোৱে পৰিস্থিতিটো অধিক সূক্ষ্মভাৱে নিৰীক্ষণ ৰি আছে, ইয়াৰ লগতে হোৱাটছএপৰ জৰিয়তে তালিবানৰ সৈতে সম্পৰ্ক গঢ়ি তোলা যিকোনো একাউণ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু একাউন্ট ডিলিট কৰা হ'ব।"
Comments