গুৱাহাটী,১৭ আগষ্ট:সিদ্ধাৰ্থ মলহোত্ৰাই শ্বেৰশাহত কৰা তেওঁৰ অভিনয়ৰ বাবে উচ্চ প্ৰশংসিত হৈছে কিন্তু এটা সময় আছিল যেতিয়া ছলমান খানে তেওঁৰ ভনী জোঁৱাই তথা অভিনেতা আয়ুষ শৰ্মাৰ সৈতেহে কেপ্টেইন বিক্ৰম বাত্ৰাৰ জীৱনীমূলক ছবিৰ পৰিকল্পনা কৰিছিল। শ্বেৰশাহৰ প্ৰযোজক শব্বীৰ বক্সৱালাই প্ৰকাশ কৰিছে যে অভিনেতাজনে তেওঁক আয়ুষৰ পৰামৰ্শহে দিছিল।
প্ৰযোজকে কৈছিল যে,"যেতিয়া মই জংলী পিকচাৰ্ছৰ সৈতে আলোচনা কৰি আছিলো তেতিয়া চলমানে মোৰ কাষ চাপিছিল। তেওঁ শ্বেৰশাহখন আয়ুষৰ প্ৰথম ছবি হোৱাটো বিচাৰিছিল, আৰু ইয়াত মোৰ সৈতে অংশীদাৰ হ'ব বিচাৰিছিল।অৱশ্যে, সিদ্ধাৰ্থে তেতিয়ালৈকে পৰম বীৰ চক্ৰ বঁটা প্ৰাপ্ত বিক্ৰমৰ চৰিত্ৰত অভিনয় কৰাটো একপ্ৰকাৰে ফাইনেল হৈ পৰিছিল আৰু ইয়াৰ বাবে ইতিমধ্যে পৰিয়ালৰ লগত এখন বৈঠকৰো ব্যৱস্থা কৰা হৈছিল।"
"তেওঁক আন এজন অভিনেতাৰ বাবে বাদ দিয়াটো অত্যন্ত অনৈতিক হ'লহেতেন। যেতিয়া কেপ্টেইন বাত্ৰাৰ পৰিয়ালে মোক এইখন চলচিত্ৰ কৰাৰ অধিকাৰ দিছিল,তেতিয়াই এইটো মোৰ বাবে এটা ডাঙৰ মুহূৰ্ত আছিল। তেওঁলোকে মোৰ ওপৰত অপৰিসীম বিশ্বাস দেখুৱাইছিল, আৰু সেয়ে মই কোনো ক্ষেত্ৰতে ভুল কৰিব নিবিচাৰিছিলো। মই ছলমানক মোৰ দুৰ্দশাৰ কথা বুজাই দিছিলো আৰু তেওঁ মোক বুজি পাইছিল।"
Comments