গুৱাহাটী, ১৮ আগষ্টঃ অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে জাননী প্ৰকাশ কৰিছে। এই বছৰ দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে অসম দৰ্পণ পৰ্টেলৰ জৰিয়তে একাদশ শ্ৰেণীৰ নামভৰ্তিৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। ইয়াৰ বাবে https://darpan.ahseconline.in/login ৱেবচাইটত প্ৰৱেশ কৰিব লাগিব।
ইতিমধ্যে ১৬ আগষ্ট ২০২১ ৰ পৰা আৰম্ভ হোৱা পঞ্জীয়ন প্ৰক্ৰিয়া ৩১ আগষ্ট ২০২১লৈ অব্যাহত থাকিব। লগতে শিক্ষাৰ্থীসকলে মেধা তালিকাৰ ওপৰত আধাৰিত কৰি একাদশ শ্ৰেণীত নামভৰ্তি কৰিব পাৰিব। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নম্বৰৰ ওপৰত ভিত্তি কৰি বিভাগে একাদশ শ্ৰেণীত নামভৰ্তিৰ বাবে মেধা তালিকা প্ৰস্তুত কৰিব।
ইপিনে, আগন্তুক ৫ ছেপ্টেম্বৰ তাৰিখৰ ভিতৰত নামভৰ্তিৰ মেধা তালিকা প্ৰকাশ কৰা হ'ব বুলি বিভাগৰ তৰফৰ পৰা জানিবলৈ দিয়ে।
উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ অনলাইন নামভৰ্তি প্ৰক্ৰিয়াৰ সম্পূর্ণ বিৱৰণঃ প্ৰাৰ্থীসকলে দৰ্পন পৰ্টেলৰ জৰিয়তে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তি ২০২১ ৰ বাবে অনলাইন আবেদন কৰিব পাৰে।
পদক্ষেপ ১: অফিচিয়েল ৱেবছাইট www.darpan.ahseconline.in চাওক
পদক্ষেপ ২: উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তি পৰ্টেল (দৰ্পণ) খোলক।
পদক্ষেপ ৩: শিক্ষাৰ্থীসকলে পৰ্টেল খুলি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰোল নম্বৰৰ সৈতে লগ ইন কৰক আৰু জন্ম তাৰিখ দাখিল কৰক।
পদক্ষেপ ৪: প্ৰতিষ্ঠান বাছনি কৰক আৰু অনলাইন প্ৰপত্ৰ পূৰণ কৰক।
পদক্ষেপ ৫: ফটো, স্বাক্ষৰ আৰু প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰক।
পদক্ষেপ ৬: আৱেদন প্ৰপত্ৰ দাখিল কৰক।
পদক্ষেপ ৭: ভৱিষ্যতৰ প্ৰসংগৰ বাবে উচ্চতৰ মাধ্যমিক নামভৰ্তি প্ৰপত্ৰৰ এটা প্ৰিণ্টআউট লওক।
Comments