Cartoon
View Older
গুৱাহাটী, ২০ আগষ্টঃ চেন্নাই চুপাৰ কিংছে সংযুক্ত আৰৱ আমিৰাত (ইউএই)ত উপস্থিত হয়, ৬ দিনৰ হোম কোৱৰেন্টিনৰ ম্যাদ সম্পূৰ্ণ কৰাৰ পিছত আই পি এল ২০২১ ৰ দ্বিতীয় পৰ্যায় খেলৰ বাবে ডুবাইত প্ৰশিক্ষণ আৰম্ভ কৰিছে। দলৰ আন সদস্যসকলৰ সৈতে অধিনায়ক মহেন্দ্ৰ সিং ধোনী, সুৰেশ ৰাইনা, দীপক চাহাৰ আৰু ৰবীন উথাপ্পা ১৩ আগষ্টত ডুবাইত গৈ উপস্থিত হৈছিল।
চেন্নাই চুপাৰ কিংছৰ অফিচিয়েল টুইটাৰ হেণ্ডেলে দলটোৰ অনুশীলনৰ ফটো শ্বেয়াৰ কৰিছে আই পি এল ২০২১ মে'ত ফ্ৰেঞ্চাইজিত ক'ৰনা ভাইৰাছৰ ঘটনা দেখাৰ পিছত খেলৰ কাৰ্যসূচী পিছুৱাই দিয়া হৈছিল। বৰ্তমান দ্বিতীয় পৰ্যায়ৰ খেল ১৯ ছেপ্টেম্বৰত আৰম্ভ হ'ব য'ত চেন্নাইয়ে ডুবাইত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিব।
ডুবাইত ১৩ খন, শাৰজাহত ১০ খন আৰু আবু ধাবিত ৮ খন খেল অনুষ্ঠিত হ'ব বুলি আই পি এল কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
Comments
অসম সাহিত্য সভা আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত "শুদ্ধ বানান, শুদ্ধ উচ্চৰণ" শীর্ষক কৰ্মশালা
Published on August 20, 2021|News Source : অৰূপ ডেকা
গুৱাহাটী, ২০ আগষ্টঃ শুক্ৰবাৰে অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ত অসম সাহিত্য সভা আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত "শুদ্ধ বানান, শুদ্ধ উচ্চাৰণ" শীর্ষক এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়।
উক্ত কৰ্মশালাত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া, উপ-সভাপতি মৃণালিনী দেৱী, গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ নাথ, সম্পাদক সঞ্জয় ৰায়ৰ লগতে নিমন্ত্রিত অতিথি সাংবাদিক প্ৰশান্ত ৰাজগুৰু, নিতুমনি শইকীয়া উপস্থিত থাকে।
Published on January 1, 1970|News Source :