গুৱাহাটী, ২০ আগষ্টঃ নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন, সংযুক্ত মুক্তি বাহিনী, অসমে (স্বাধীন) অইল ইণ্ডিয়া লিমিটৈডক ঠিকা ভিত্তিক শ্ৰমিক/কৰ্মচাৰী নিয়োগ প্ৰক্ৰিয়া বন্ধ কৰি তাৰ সলনি অতি স্বচ্চতাৰে স্বায়ী ভিত্তিক নিয়োগৰ ব্যৱস্থা কৰিবলৈ পুনৰায় আহ্বান জনাই সকিয়াই দিয়ে যে অইল কৰ্তৃপক্ষৰ এই থলুৱা বিৰোধী স্থিতিৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৱে সশস্ত্ৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব।
আজি প্ৰেৰণ কৰা এক বিবৃতিৰ যোগেদি সংগঠনটোৱে আজি চাবুৱাৰ সমীপৰ বিশমাইলত থকা ঐতিহ্যমণ্ডিত প'ল' ফিল্ডখনক দখল কৰাক লৈ বৃহৎ চাহগোষ্ঠী APJ আৰু কিছুমান থলুৱা লোকৰ মাজত চলি থকা সংঘাটৰ তীব্ৰনিন্দা কৰাৰ লগতে ফিল্ড খনত শিশুৰ উদ্যান খোলাৰ পোষকতা কৰে।
সংগঠনটোৱে আজি পানীতোলাৰ সমীপৰ এম কে শ্বাহ প্ৰতিষ্ঠানৰ পানীতোলা চাহবাগিছাৰ ঐতিহ্যমণ্ডিত খেলপথাৰখনত বাগিচা কৰ্তৃপক্ষই চাহ পুলি ৰোৱাৰ বাবে কৰা আয়োজন তৎক্ষণাত বন্ধ কৰিবলৈ সকিয়াই দিয়ে। ইয়াৰ অন্যথাই চাহবাগান কৰ্তৃপক্ষই পৰিণাম ভুগিবচ লাগিব বুলি মন্তব্য কৰে।
Comments