নলবাৰী,১৯আগষ্টঃভাৰত স্বাধীন হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উদ্দেশ্যৰ লগত সংগতি ৰাখি আজি-- অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান,বড়িগোগ বনভাগ উন্নয়ন খণ্ড, (ঘগ্ৰাপাৰত) আজাদী-কি অমৃত মহোৎসৱ উদ্ যাপন কৰা হয়। বড়িগোগ বনভাগ উন্নয়ন খন্ডৰ খন্ড সমন্বয়ক নৱজিৎ তালুকদাৰে আঁত ধৰা সজাগতা সভাখনত উপস্থিত থাকে ক্ৰমে -- অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান,নলবাৰী ডি এফ ই ৰশ্মিতা কাশ্যপ, আৰছেটি,নলবাৰী জ্যেষ্ঠ প্ৰশিক্ষক প্ৰাঞ্জল কুমাৰ শৰ্মা,বড়িগোগ বনভাগ উন্নয়ন খন্ডৰ প্ৰকল্প পৰিচালিকা নাজৰিণ ছিদ্দিকা আহমেদ, খন্ড সমন্বয়ক প্ৰকাশ ডেকা আদিয়ে।
বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ৬০ গৰাকীৰো অধিক শিক্ষিত দৰিদ্ৰ যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা সজাগতা সভাখনত -- অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ,নলবাৰী জিলাৰ ডি এফ ই ৰশ্মিতা কাশ্যপে ভাষণত কয় যে দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল্য যোজনাৰ অধীনত শিক্ষিত নিৱনুৱা যুৱক-যুৱতীয়ে নিজৰ দক্ষতা বিকাশ কৰি কি ধৰণে স্বাৱলম্বী হ'ব পাৰে তাৰ ওপৰত বিতংকৈ মন্তব্য আগবঢ়াই। লগতে তেওঁ কয় যে সম্প্ৰতি সময়ত যুৱক-যুৱতীসকলে সময়ৰ লগত খোজত -খোজ মিলাই যাবলৈ হ'লে নিজৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত নিজকে অধিক আগ্ৰহী কৰি তুলিব লাগিব।
Comments