Cartoon
View Older
গুৱাহাটী,২৩ আগষ্ট:আফগানিস্তানত তালিবানৰ উত্থানৰ সমান্তৰলাকৈ সমগ্ৰ বিশ্বতে আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। তালিবানক সমুলি নিঃশেষ কৰাৰ বাবে সাধাৰণ জনতাই মত প্ৰকাশ কৰাৰ সমান্তৰালকৈ আকৌ নিৰ্দিষ্ট এচামে এই উগ্ৰপন্থী সংগঠনটোলৈ আগবঢ়াইছে সমৰ্থন।
অসমটো এনেধৰণৰ তালিবানৰ একাংশ সমৰ্থক পোহৰলৈ আহিছে। সামাজিক মাধ্যমত তালিবানক অসমৰ একাংশ ব্যক্তিয়ে মুকলিকৈ সমৰ্থন জনোৱাৰ ঘটনা পোহৰলৈ আহিছিল। যাৰ বাবে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া। অসম আৰক্ষীয়ে ইতিমধ্যে অসমৰ১৪ গৰাকী তালিবানৰ সমৰ্থকক গ্ৰেপ্তাৰ কৰিছে।
অসমৰ বায়ু পানী খাই তালিবানীক সমৰ্থন জনোৱা লোকক তালিবানলৈ যোৱাৰ আহ্বান সাংসদ দিলীপ শইকীয়াৰ৷ মঙলদৈ জিলা উপায়ুক্ত সভাগৃহ ক’ভিড চেণ্টাৰসমূহত প্ৰয়োজনীয় সামগ্ৰী যোগান কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়ায় সাংসদ দিলীপ শইকীয়াই৷
Comments