কৃষ্ণাই ঃ নিজা বাতৰি দিওঁতা, ২০ আগষ্ট ঃ বৰবিহ স্বৰূপ ড্রাগ৲ছৰ বিৰূদ্ধে অসম আৰক্ষীয়ে চলাই থকা অভিযানৰ অংশ হিচাপে আজি গোৱালপাৰা আৰক্ষীয়ে বৃহৎ সাফল্য লাভ কৰে৷ আজি পুৱা প্রায় দহ বজাত গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীয়ে এক গোপন সূত্রৰ খবৰৰ ভিত্তিত দুধনৈৰ বনবাসী ১৭নং ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত দুধনৈ আৰক্ষী তথা অর্ধসামৰিক বাহিনীৰ সহযোগত নিচাজাতীয় টেবলেট আৰু নগদ একৈশ লক্ষাধিক টকা উদ্ধাৰ কৰাৰ লগতে ড্রাগ৲ছ সৰবৰাহকাৰী দলটোক আটক কৰে৷
গোৱালপাৰা অভিমুখে আহি থকা মণিপুৰৰ পঞ্জীকৃত এখন বলেৰ’ (MN-03P-4820) আৰু গুৱাহাটী অভিমুখী আন এখন বলেৰ’ক (AS-01DP-4867) দুধনৈৰ বনবাসীত আটক কৰি উক্ত সফলতা লাভ কৰিবলৈ সমর্থ হয়৷ এখন বাহনৰ ফুৱেল টেংকীৰ তলত অতিৰিক্তভাৱে বনাই লোৱা এক গোপন স্থানত লুকুৱাই লৈ অহা ২ কোটি টকা মূল্যৰ ৫০ হাজাৰ নিচাজাতীয় টেবলেট আৰু আন এখন বাহনৰ বেক লাইটৰ ভিতৰৰ পৰা ১৯ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
মণিপুৰৰ পঞ্জীকৃত বলেৰ’ বাহনখনত থকা উক্ত ড্রাগ৲ছখিনি ক্রয় কৰিবলৈ মেঘালয়ৰ ফুলবাৰীৰ পৰা অহা আন এটা দলে উক্ত স্থানত বাহন সলনি কৰাৰ সময়তে জিলাৰ আৰক্ষী অধীক্ষকগৰাকীৰ নেতৃত্বত আৰু বাহৰ পাতি থকা অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকা, দুধনৈ আৰক্ষী চকীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া দুলাল মহন্ত আৰু আৰক্ষীৰ এটা বৃহৎ দলে দুয়োটা দলক আটক কৰিবলৈ সক্ষম হয়৷
মণিপুৰত পঞ্জীকৃত গাঞ্জীখনৰ পৰা এগৰাকী মহিলাসহ তিনিগৰাকীক আটক কৰে যদিও ঘটনাস্থলীৰ পৰা আন দুজন লোকে পলায়ন কৰাত তাৰে এগৰাকীক খেদি খেদি আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰু আন এজনক কৰায়ত্ত কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে৷ জব্দকৃত গাড়ীৰ পৰা কেইবাটাও ম’বাইল ফ’ন আৰু আই ডি কার্ড উদ্ধাৰ কৰে৷ আনহাতে শেহতীয়া তথ্য মতে, জব্দকৃত বলেৰ’ বাহন দুখন দুধনৈ আৰক্ষী চকীলৈ লৈ অনাৰ পাছত পুনৰবাৰ তালাচী চলাওঁতে আৰু ২.৫০ লাখ টকা উদ্ধাৰ হয়৷ উদ্ধাৰ হোৱা মুঠ টকাৰ পৰিমাণ ২১.৫ লাখ৷ উক্ত ড্রাগ৲ছ সৰবৰাহ কাণ্ডত জড়িত ব্যক্তিসকল হ’ল দক্ষিণ শালমৰাৰ আব্দুল লতিফ চৌধুৰী, মণিপুৰৰ লংজাম জাবমি সিং, তিমৱালেঠি বাইটেশ্চমহিলাগ্গ আৰু জামগ্রীলাম৷
Comments