গুৱাহাটী, ২১ আগষ্টঃ ক'ৰনা সংক্ৰমণৰ সম্ভাৱ্য তৃতীয় ঢৌৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতে প্ৰস্তুতি অধিক শক্তিশালী কৰি তুলিছে। দেশখনৰ সকলো ফাৰ্মাচিউটিকেল কোম্পানীসমূহে ভেকছিন প্ৰস্তুতকৰণ অধিক সক্রিয় কৰি তুলিছে। লগতে যিমান সম্ভৱ লোকসকলক ছিটাকৰণ সম্পূৰ্ণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।
শেহতীয়াকৈ, ভাৰতীয় ফাৰ্মাচিউটিকেল কোম্পানী জায়েদুছ কেডিলাৰ এবিধ ভেকছিন 'জায়েকোভ-ডি'য়ে চৰকাৰৰ পৰা জৰুৰী কালীন অনুমোদন লাভ কৰিছে। এইটোৱে পৃথিৱীৰ প্ৰথম ডিএনএ আধাৰিত ভেকছিন হ'ব বুলি ধাৰণা কৰা হৈছে। ভাৰতৰ ঔষধ নিয়ন্ত্ৰক জেনেৰেল অফ ইণ্ডিয়াৰ বিষয় বিশেষজ্ঞ সমিতিয়ে শুকুৰবাৰে জায়েদুছ কেডিলা ভেকছিন 'জায়েকোভ ডি'ক জৰুৰীকালীন ব্যৱহাৰৰ পৰামৰ্শ দিছে। ভাৰত বায়'টেকৰ ভেকছিনৰ পিছত জায়েকোভ ডি হ'ব ভাৰতৰ দ্বিতীয় থলুৱা ভেকছিন।
তাৎপৰ্যপূৰ্ণভাৱে, জায়েদুছ কেডিলা ভেকছিন হৈছে প্ৰথম ডিএনএ-আধাৰিত ভেকছিন। যাক ভাইৰাছ পৰিৱৰ্তনৰ ক্ষেত্ৰত ডিএনএ আধাৰিত ভেকছিন প্ৰস্তুতকৰণ সহজে সলনি কৰিব পাৰি। উক্ত বিষয় সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰ যোগে সদৰি কৰে যে, "মই এই সাফল্যক লৈ আনন্দিত হৈছো। এই সাফল্যই দেশক কৰ'নাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব।"
ভাৰতে বৰ্তমান ২ টা ভেকছিনৰ পালি গ্ৰহণ কৰি আছে, আনহাতে জায়েকোভৰ ভেকছিনবিধ ৩ টা পালিত উপলব্ধ হ'ব। এই ভেকছিনৰ প্ৰথম পালি প্ৰয়োগ কৰাৰ পিছত, দ্বিতীয় পালি ২৮ দিনৰ পিছত আৰু তৃতীয় পালি ৫৬ দিনৰ পিছত প্ৰদান কৰা হ'ব।এই ভেকছিনবিধৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল ইয়াক কোঠালিৰ উষ্ণতাত সংৰক্ষণ কৰিব পাৰি। ভেকছিনবিধ ২ ডিগ্ৰীৰ পৰা ২৫ ডিগ্ৰী উষ্ণতালৈকে সংৰক্ষণ কৰিব পাৰি।
এইটো এটা চিৰিঞ্জ মুক্ত ভেকছিন। ইয়াৰ অৰ্থ হৈছে যে ইয়াক জেট ইনজেক্টৰৰ দ্বাৰা ৰূপান্তৰ কৰি প্ৰয়োগ কৰা হ'ব। উদাহৰণ স্বৰূপে, কিছুমান লোকে ঘৰত ডায়েবেটিচ পৰীক্ষা কৰিবলৈ ইনজেক্টৰৰ দ্বাৰা আঙুলিৰ পৰা এটোপাল তেজ আঁতৰ কৰে। অৱশ্যে, এই ভেকছিনবিধ ৯০ ডিগ্ৰীত ৰাখি পোনপটীয়াকৈ প্ৰয়োগ কৰা হ'ব।
প্ৰাপ্তবয়স্কসকলৰ উপৰিও ১২ ৰ পৰা ১৮ বছৰীয়া শিশুৰ ওপৰত ভেকছিনবিধৰ পৰীক্ষণ চলাই থকা হৈছে। লগতে এই ভেকছিনবিধ ভাৰতৰ শিশুসকলক দিয়া প্ৰথম ভেকছিন হোৱাৰ সম্ভাৱনা আছে। জায়েদুছ কেডিলাই ইতিমধ্যে দাবী কৰিছে যে অনুমোদন পোৱাৰ কেইদিনমানৰ ভিতৰতে ভেকছিনবিধ মানুহৰ বাবে উপলব্ধ কৰিব পৰা যাব। লগতে, প্ৰতিষ্ঠানটোৱে প্ৰতি মাহে ২০ নিযুত ভেকছিন উপলব্ধ কৰাৰ লক্ষ্য আগত ৰাখিছে।
Comments