গুৱাহাটী, ২১ আগষ্টঃ তালিবানে আফগানিস্তান দখল কৰাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিয়ে দেশৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয়। যাৰ বাবে তেওঁ ব্যাপক সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু বহুতে ঘানিক এজন ব্যৰ্থ ৰাষ্ট্ৰপ্ৰধান হিচাপে স্বীকৃতি দিছে।
কিন্তু মন কৰিবলগীয়া কথা এইটো যে, ইমান বেয়া সময় অতিবাহিত হৈ যোৱাৰ পিছতো, কোনেও নাজানে যে আশ্ৰাফ ঘানিৰ জীয়ৰী মাৰিয়াম ঘানি ক'ত আছে, কেনেকৈ বাস কৰিছে। এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি ঘানিৰ জীয়ৰী মাৰিয়াম ঘানিয়ে দীৰ্ঘদিনৰ পৰা আমেৰিকাত এক বিলাসী জীৱন উপভোগ কৰি আহিছে। ইপিনে, মেৰীয়ে আফগানিস্তান আৰু তেওঁৰ দেউতাকৰ পৰিস্থিতিৰ বিষয়ে কোনো মন্তব্য প্ৰদান কৰা নাই, মাৰিয়ামে কেৱল এইটোৱে কৈছে যে, "আফগানিস্তানৰ পৰিস্থিতি সোনকালে পুনৰুদ্ধাৰ হওক।"
৪৩ বছৰীয়া মাৰিয়াম ঘানিয়ে দীৰ্ঘদিনৰ পৰা ব্ৰুকলিনৰ ক্লিণ্টন হিল বিল্ডিংত বসবাস কৰি আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰত জন্ম গ্ৰহণ কৰা আৰু শিক্ষিত হোৱা মাৰিয়াম পেছাত এগৰাকী শিল্পী আৰু চলচ্চিত্ৰ নিৰ্মাতা। মাৰিয়ামে আফগানিস্তানৰ মহিলাতকৈ সম্পূৰ্ণ পৃথকভাৱে জীৱন যাপন কৰি আহিছে।
ব্ৰুকলিনত জন্মগ্ৰহণ কৰা মাৰিয়ামে মেৰিলেণ্ডত ডাঙৰ দীঘল হৈছিল। মাৰিয়ামে নিউয়ৰ্ক বিশ্ববিদ্যালয় আৰু ম্যানহাটানৰ স্কুল অৱ ভিজুৱেল আৰ্টছত অধ্যয়ন কৰিছিল। ২০১৮ চনত, তেওঁ ভাৰমণ্টৰ বেনিংটন কলেজত অনুষদৰ সদস্য হৈছিল। মাৰিয়ামে ২০০২ চনত ২৪ বছৰ বয়সত প্ৰথমবাৰৰ বাবে আফগানিস্তানলৈ গৈছিল।
Comments