Classifieds
View All
গুৱাহাটী,২৪ আগষ্ট:চিৰাং জিলাৰ উত্তৰাঞ্চলৰ ভাওৰাগুৰীত কণামাক্ৰাৰ বৰ্ধিত জলপৃষ্ঠই সৃষ্টি কৰিছে ভয়াৱহ বান পৰিস্থিতিৰ। সোমবাৰে পুৱাৰে পৰা হৈ থকা নেৰা-নেপেৰা বৰষুণ আৰু ভূটানৰ পৰা নামি অহা পানীয়ে বুৰাই পেলাইছে ভাওৰাগুৰীকে ধৰি ইয়াৰ ওচৰৰ বিস্তীৰ্ণ অঞ্চল।
উক্ত অঞ্চলৰ কৃষি ভূমি, ঘৰ-দুৱাৰ জলমগ্ন কৰি তোলাৰ লগতে ভাওৰাগুৰী খুংক্ৰাঝৰা পথৰ ওপৰেৰে বিপদ সংকুলভাবে বাগৰিছে কণামাক্ৰাৰ বৰ্ধিত পানী। ইয়াৰ উপৰি নৈখনৰ বাঢ়নী পানীয়ে খহাই লৈ গৈছে উক্ত পথটোৰ পকী কালভাৰ্টৰ এটা অংশ। যাৰ ফলত যাতায়াত বিচ্ছিন্ন হোৱা পৰিলক্ষিত হৈছে ।
Comments