গুৱাহাটী,২৪ আগষ্টঃ কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ৰ ক'ভিড ভেকচিন প্ৰদান কেন্দ্ৰত দীঘলীয়া শাৰী পাতিলেও নাপাব ভেকচিন | কাৰণ কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত চলিছে ক'ভিড ভেকচিনৰ চোৰাং বেহা।ভেকচিন প্ৰদানৰ দায়িত্বত থকা আনিচুৰ ৰহমান নামৰ এগৰাকী মধ্যভোগী শিক্ষকে চলাইছিল এই ক'ভিড প্ৰতিষেধকৰ গোপন ব্যৱসায় |
উল্লেখযোগ্য যে, কেন্দ্ৰটোত ভেকচিন প্ৰদানৰ দায়িত্বত থকা পূব গুনিয়ালগুৰি এম ই মাদ্ৰাছাৰ শিক্ষক আনিচুৰ ৰহমানে ভেকচিন প্ৰদানৰ বাবে কাগজত চহী কৰা কুপনেৰে কমিচনৰ অংক মিলাই অসামৰিক চিকিৎসালয়ৰ সন্মুখত থকা জাহান উদ্দিন আৰু আশ্ৰাফুল ইছলামৰ চাহৰ দোকানত গোপনে বিক্ৰীৰ বাবে দিয়ে | চাহৰ দোকানীয়ে ৫০ টকাৰ পৰা ১০০ টকাকৈ বিক্ৰী কৰে এই কুপন সমূহ |
চাহৰ দোকানী জাহান উদ্দিনে কুপন বিক্ৰি কৰাৰ কথা নিজেই স্বীকাৰ কৰাৰ লগতে শিক্ষক আনিচুৰ ৰহমানে দৈনিক ২০/৩০ টকাকৈ কুপন বিক্ৰিৰ বাবে তেওঁক দিয়ে বুলি জানিবলৈ দিছে।এই দুষ্ট চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি চিকিৎসালয়ৰ অধীক্ষক শামচুল আলমে জানিবলৈ দিছে।
Comments