Classifieds
View All
গুৱাহাটী, ২৪ আগষ্টঃ বিশ্ব বেংকৰ গৱেষকসকলৰ নেতৃত্বত কৰা এক অধ্যয়ন অনুসৰি ২০২০ চনৰ ক'ভিড-১৯ ৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক মন্দাৱস্থাৰ ফলত বিশ্বত মৃত্যু হোৱা নৱজাতকৰ এক তৃতীয়াংশতকৈও অধিক নৱজাতকৰ মৃত্যু ভাৰতত হৈছে বুলি গৱেষণাত প্ৰকাশ পাইছে।
অধ্যয়নত প্ৰকাশিত তথ্য অনুসৰি ২০২০ চনত ক'ভিড-১৯ ৰ বাবে সৃষ্টি হোৱা অৰ্থনৈতিক সংকটৰ ফলত নিম্ন আৰু মধ্য আয়ৰ দেশবোৰত অতিৰিক্ত ২.৬৭,২০৮ টা নৱজাতকৰ মৃত্যু হৈছিল।
ইয়াৰে দক্ষিণ এছিয়াৰ ৮ খন দেশত সৰ্বাধিক হাৰত নৱজাতকৰ মৃত্যু হৈছে বুলি প্ৰকাশ কৰা হৈছে। লগতে মুঠ মৃত্যু হোৱা ১,১৩,১৪১ টা শিশুৰ এক তৃতীয়াংশতকৈও অধিক অৰ্থাৎ ৯৯,৬৪২ টা শিশুৰ মৃত্যু ভাৰতত হোৱা বুলি গৱেষকসকলে অনুমান কৰিছে।
Comments