Classifieds
View All
গুৱাহাটী ২৪ আগষ্টঃ দিশপুৰ আৰক্ষীয়ে সোমবাৰে এজন চোৰক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে চোৰজনৰ পৰা দুটা মোবাইল ফোন সহ এটা চুৰি লেপটপ উদ্ধাৰ কৰে।
ঘটনা অনুসৰি যোৱা ১৯ আগষ্টৰ সন্ধিয়া প্ৰায় ৬.৩০ বজাত হেঙেৰাবাৰীৰ ৰাকেশ তালুকদাৰ নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহৰ পৰা চোৰে দুটা মোবাইল ফোন আৰু এটা লেপটপ চুৰি কৰিছিল আৰু পৰৱৰ্তী সময়ত ভুক্তভোগী ৰাকেশক চুৰি হোৱা সামগ্ৰীবোৰ ঘূৰাই দিয়াৰ বিনিময়ত ৫০ হাজাৰ দাবী কৰিছিল।
ভুক্তভোগী ৰাকেশে পৰৱৰ্তী সময়ত দিশপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে আৰু দিশপুৰ আৰক্ষীয়ে ৰাকেশে দাখিল কৰা এজাহাৰৰ ভিত্তিত ৩০০৫/২১ নম্বৰত এটা গোচৰ ৰুজু কৰে।
উক্ত গোচৰ সন্দৰ্ভত সোমবাৰে সন্ধিয়া আৰক্ষীয়ে অভিযুক্তজনক কৰায়ত্ত কৰে।
Comments