গোগামুখ ঃ নিজা বাতৰি দিওঁতা, ২৪ আগষ্ট ঃ অসম-অৰুণাচল প্রদেশৰ সীমান্তৱর্তী গেৰুকামুখত নির্মীয়মাণ অৱস্থাত থকা ২০০০ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণৰ কাম সম্প্রতি প্রায় ৭৫সম্পূর্ণ হৈছে৷ কংক্রিটেৰে নির্মাণ কৰা ১১৬ মিটাৰ উচচতাৰ বান্ধটোৰ নির্মাণ ইতিমধ্যে শেষ হোৱাৰ পথত৷
উল্লেখযোগ্য যে বিদ্যুৎ উৎপাদনৰ মূল আহিলা টার্বাইন, ৰানাৰ সংযোগৰ কামসমূহ আৰম্ভ হৈছে৷ কালি কেন্দ্রীয় ৰাজ্যিক শক্তি মন্ত্রী কৃষ্ণপাল গুৰজাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণস্থলী গেৰুকামুখত উপস্থিত হৈ প্রকল্পৰ নির্মাণৰ বুজ লয়৷ মন্ত্রীজনে বিয়লি ৩ বজাত গেৰুকামুখত উপস্থিত হৈ প্রকল্প নির্মাণৰ সকলো কার্য পৰিদর্শন কৰি ২০২২ চনৰ ভিতৰত সম্পূর্ণ কৰি বিদ্যুৎ উৎপাদন কৰিবলৈ এন এইচ পি চিক আহ্বান জনায়৷ ইফালে, কেন্দ্রীয় ৰাজ্যিক শক্তি মন্ত্রী কৃষ্ণপাল গুৰজাৰৰ নামনি সোৱণশিৰি ভ্রমণৰ সময়ত গোগামুখ আঞ্চলিক ছাত্র সন্থাই গোগামুখত এন এইচ পি চিৰ প্রতিকৃতি দাহৰ কার্যসূচী ৰূপায়ণ কৰি প্রতিবাদ সাব্যস্ত কৰে৷
Comments