গুৱাহাটী, ২৫ আগষ্টঃ জুলাইত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত একমাত্ৰ টেষ্ট মেচখনত জিম্বাব'ৱেৰ অফ স্পিন বলাৰ ৰয় কায়াক সন্দেহজনক পদ্ধতিত বলিং কৰা দেখা গৈছিল, যাৰ ফলত ২৯ বছৰীয়া বলাৰজনক আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আইচিচি) নিলম্বন কৰিছে বুলি পৰিষদৰ তৰফৰ পৰা জানিবলৈ দিয়ে।
কায়াই বৰ্তমানলৈ জিম্বাব'ৱেৰ হৈ তিনিখন টেষ্ট মেচ খেলিছে, কিন্তু এখনটো উইকেট ল'বলৈ সক্ষম হোৱা নাই। আইচিচিয়ে কৈছিল যে, স্বতন্ত্ৰ মূল্যায়নত কায়াৰ বলিং পদ্ধতিক সন্দেহজনক অৱস্থাত পোৱা গৈছে আৰু তাৎক্ষণিক প্ৰভাৱৰ সৈতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বলিং কৰাৰ পৰা নিলম্বিত কৰা হৈছে।
অৱশ্যে, আইচিচি অনুচ্ছেদ ১১.৫-ৰ অধীনত, জিম্বাব'ৱে ক্ৰিকেটৰ সৈতে সন্মত হোৱাৰ পিছত কায়াক ঘৰুৱা মেচত বলিং কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে।
৭ ৰ পৰা ১১ জুলাইলৈ হাৰাৰেত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা টেষ্ট মেচখনত কায়াৰ বলিং পদ্ধতি সন্দেহজনক অৱস্থাত পোৱা গৈছিল। এক বিশেষজ্ঞ পেনেলে কায়াৰ বলিং পদ্ধতিৰ ফটো নিৰীক্ষণ কৰিছিল, কিন্তু ক'ভিডৰ নিষেধাজ্ঞাৰ বাবে খেলুৱৈগৰাকীৰ কাৰ্যকলাপৰ ওপৰত হ'বলগীয়া তদন্ত প্ৰক্ৰিয়াত বাধা আহি পৰিছিল।
Comments