Cartoon
View Older
গুৱাহাটী,২৫ আগষ্ট:বাক্সাৰ বাৰাপেটা মিলন বজাৰৰ সমীপৰ ওলোটাই খুন্দা উপনৈত বিপদসংকুল দলঙেৰে দৈনিক কৰিছে ৰাইজে যাত্ৰা। দলঙৰ অভাৱত লোৰ পাটিৰ ওপৰেৰেই বিপদজনকভাৱে পাৰ হ'ব লগীয়া হৈছে দুচকীয়া বাহন। যোৱা পাঁচটা বছৰে নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল বাৰাপেটা মিলনবজাৰ-বৰপেটাৰোড সংযোগী পথৰ দলংখন। দলংখন নিৰ্মীয়মান হৈ থকা বাবে কাষতে এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰা হৈছিল যদিও বৰ্তমান জৰাজীৰ্ণ হৈ পৰিছে সাঁকোখন।
যাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী, ৰোগী, ব্যৱসায়ী আদিয়ে বিপদজনকভাৱে পাৰ হ'বলগীয়াত পৰিছে নৈখন। ইফালে উপনৈখনত পানী বৃদ্ধিৰ লগে লগেই ব্যস্ত পথটোত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে চাৰিচকীয়া বাহনৰ চলাচল। শীঘ্ৰেই দলঙখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয়লোক সকলে।
Comments