গুৱাহাটী, ২৫ আগষ্টঃ কেজৰিৱাল চৰকাৰৰ সুৰা সেৱনৰ ক্ষেত্রত থকা বয়সৰ সীমা হ্ৰাস কৰাৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত এক শুনানি প্ৰদান কৰা হয়। য'ত দিল্লী চৰকাৰৰ পক্ষত থকা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে কয় যে, "ভাৰতত ভোটদানৰ নূন্যতম বয়স ১৮ বছৰ। ১৮ বছৰ বয়স অতিক্রম কৰাৰ লগে লগে এগৰাকী যুৱক অথবা যুৱতীয়ে ভোটদান সাৱ্যস্ত কৰিব পাৰে, কিন্তু সুৰা পান কৰাৰ ক্ষেত্রত কিয় বয়সৰ সীমাবদ্ধতা দিয়া হয় ? যদিহে ১৮ বছৰীয়া লোকক সুৰা পান কৰিবলৈ অনুমতি দিয়া হয়, ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁক সুৰাপান কৰি গাড়ী চলাবলৈ অনুমতি দিব। আইন অনুসৰি এগৰাকী ৫০ বছৰীয়া ব্যক্তিকো সুৰাপান কৰি গাড়ী চলাবলৈ অনুমতি দিয়া নহয়।"
দিল্লী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা সুৰাৰ দোকান, বাৰ আৰু ৰেষ্টুৰেণ্টত সুৰা বিক্রী কৰাৰ বাবে বাধ্যতামূলক বয়স পৰীক্ষাৰ চৰকাৰী পৰিচয় পত্ৰৰ সৈতে বুধবাৰে দিল্লী চৰকাৰৰ পৰা এক মতামত বিচৰা হৈছিল। য'ত ন্য়ায়ালয়ে উল্লেখ কৰিছিল যে, সুৰাপান কৰাৰ বয়সৰ সীমা ২৫ ৰ পৰা ২১ লৈ হ্ৰাস কৰিলে কম বয়সতে সুৰাপান কৰি ৰাস্তাত অপকৰ্ম কৰাৰ প্ৰৱণতা বৃদ্ধি হ'ব।" আৱেদনখনত লগতে অনুৰোধ জনোৱা হৈছিল যে, "বয়স প্ৰমাণীকৰণৰ এক দৃঢ় প্ৰণালী প্ৰকাশ নোহোৱা পৰ্যন্ত দিল্লী চৰকাৰে নতুন আবকাৰী নীতি ২০২১-২২ কাৰ্যকৰী কৰাত বাধা দিব লাগে, য'ত সুৰাপান কৰাৰ বয়স ২৫ বছৰৰ পৰা ২১ বছৰ বয়সলৈ হ্ৰাস কৰা হৈছে।
কিন্তু দিল্লী চৰকাৰে ইয়াৰ বিৰোধিতা কৰি কৈছিল যে, "সুৰা পান কৰাৰ বাবে নিম্নতম বয়স হ্ৰাস কৰাৰ সিদ্ধান্তৰ সৈতে সুৰাপান কৰি গাড়ী চলাই অঘটন হোৱাৰ লগত কোনো সম্পৰ্ক নাই।"
মুখ্য ন্যায়াধীশ ডি এন পেটেল আৰু ন্যায়াধীশ জ্যোতি সিঙৰ বিচাৰমণ্ডলীয়ে দিল্লী চৰকাৰক আৱেদনৰ সঁহাৰি বিচাৰি জাননী জাৰি কৰিছিল আৰু ১৭ ছেপ্টেম্বৰক শুনানিৰ পৰৱৰ্তী তাৰিখ হিচাপে নিৰ্ধাৰণ কৰিছে।
Comments