লখিমপুৰ ঃ ষ্টাফ ৰিপ’র্টাৰ, ২৩ আগষ্ট ঃ লখিমপুৰ জিলাৰ লালুকত আজি পুৱাই বিজেপিৰ এজন নিষ্ঠাৱান নেতা তথা সক্রিয় কার্যকর্ই আত্মহত্যাৰ দৰে চৰম পন্থা লোৱা ঘটনাত সমগ্র জিলাখনত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়৷ জিলাখনৰ নিজ লালুকৰ নিৱাসী যুৱ নেতা তথা ব্যৱসায়ী, লালুকৰ মুকুল ষ্টুডিঅ’ৰ স্বত্বাধিকাৰ, বিজেপিৰ সক্রিয় কর্মী মিঠুৰঞ্জন দাসে (৪৮) আজি পুৱা নিজৰ এটা পৰিত্যক্ত ঘৰত আত্মহত্যা কৰাৰ পাছতে সমগ্র অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে৷
উল্লেখযোগ্য যে বিজেপিৰ অতি নিষ্ঠাৱান কার্যকর্ মিঠুৰঞ্জন দাসে মৃত্যুৰ পূর্বে ৩ পৃষ্ঠাজোৰা ছুইচাইড ন’ট লিখি থৈ যায়৷ ছুইচাইড ন’টত ধাৰত পোত গৈ তেওঁ আত্মহত্যাৰ দৰে পথ বাছি ল’ব লগা হ’ল, সেই কথা উল্লেখ কৰি যায়৷ সর্বানন্দ সোণোৱালৰ লগতে বিজেপিৰ বহু নেতা, মন্ত্রীৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত তথা লখিমপুৰ জিলা আই টি চেলৰ প্রাক্তন সহঃ আহবায়ক, বিজেপিৰ অতি পুৰণি নিষ্ঠাৱান কর্মী মিঠুৰঞ্জন দাসে কিছুদিনৰ পূর্বে সুদত টকা ধাৰ লৈ লালুক মহাবিদ্যালয়ৰ কভিড কেয়াৰ চেণ্টাৰত খাদ্যৰ যোগান ধৰিছিল৷
তেওঁৰ লগত আন এজন বিজেপি নেতাও আছিল৷ এক সূত্রই সদৰী কৰা অনুসৰি, মিঠুৰঞ্জনে কাবুলীৰ পৰা সুদত টকা ধাৰলৈ আনি কভিডত খাদ্য যোগান ধৰিছিল৷ সেই মর্মে তেওঁ চৰকাৰৰ পৰা প্রায় ১৭ লাখ টকা পাবলৈ আছিল৷ যিসকল লোকৰ পৰা তেওঁ টকা ধাৰ আৰু সুদলৈ লৈছিল, তেওঁলোকৰ পৰা তীব্র হেঁচা লাভ কৰি মানসিকভাৱে ভাগি পৰিছিল৷ প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ ‘মাই গভটৰ’ সদস্য এইজন মিঠুৰঞ্জনে লোক নির্মাণ বিভাগতো ঠিকা-ঠুকলি কৰিছিল৷
সেই বিভাগৰ পৰাও ধন লাভ কৰা নাছিল মিঠুৰঞ্জনে৷ তীব্র আর্থিক সংকট আৰু মানসিক চাপত ভুগি অৱশেষত ২৩ আগষ্টৰ পুৱা ৯ মান বজাত মিঠুৰঞ্জনে নিজৰ এটা পৰিত্যক্ত ঘৰত চিপ লৈ আত্মহত্যা কৰে৷ তেওঁ পিতৃ, পত্নীৰ লগতে দুই সন্তানসহ বহু আত্মীয়-স্বজনক এৰি যায়৷ তেওঁৰ মৃত্যুত লখিমপুৰ জিলা বিজেপিৰ কর্মকর্, বিষয়ববীয়াসকলেও গভীৰ শোক প্রকাশ কৰিছে৷
Comments