গুৱাহাটী, ২৪ আগষ্টঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীক প্ৰদূষিত বায়ুৰ পৰা মুক্ত কৰিবলৈ কনাট প্লেচত দেশৰ প্ৰথমটো স্মগ টাৱাৰৰ শুভ উদ্বোধন কৰে।মুখ্যমন্ত্ৰী কেজৰিৱালে স্মগ টাৱাৰ উদ্বোধন কৰি দিল্লীৰ লোকসকলক অভিনন্দন জনাই কয় যে, "দিল্লীয়ে প্ৰদূষিত বায়ুৰ সৈতে যুঁজ দি অহা এই যুদ্ধখনত ভাৰতে প্ৰথমটো স্মগ টাৱাৰ মুকলি কৰিবলৈ সক্ষম হৈছে।"
"আমেৰিকান প্ৰযুক্তিৰে গঠিত, এই স্মগ টাৱাৰে বায়ুত প্ৰদূষণৰ পৰিমাণ হ্ৰাস কৰিব। যদি প্ৰাৰম্ভিক প্ৰক্ৰিয়াত আৰম্ভ হোৱা প্ৰকল্পটোৰ ফলাফল উন্নত হয়, তেন্তে সমগ্ৰ দিল্লীতে এনে ধৰণৰ অধিক স্মগ টাৱাৰ স্থাপন কৰা হ'ব।"
মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, "এনে টাৱাৰ স্থাপন কৰি প্ৰদূষিত বায়ু পৰিষ্কাৰ কৰাৰ বাবে বৰ্তমানলৈ দেশত কেতিয়াও এনেধৰণৰ প্ৰচেষ্টা লোৱা হোৱা নাছিল।"
ইপিনে, দিল্লীত স্থাপন কৰা এই প্ৰযুক্তিটো আমেৰিকাৰ পৰা আমদানি কৰা হৈছে আৰু টাৱাৰটোৰ উচ্চতা প্ৰায় ২৪ মিটাৰ। এই স্মগ টাৱাৰে নিকটৱৰ্তী এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত প্ৰদূষিত বায়ু শোষণ কৰি ভিতৰত সেই প্ৰদূষিত বায়ুখিনি পৰিষ্কাৰ কৰি তুলিব। ইয়াৰ কাৰ্য্যক্ষমতা প্ৰতি ছেকেণ্ডত প্ৰায় এক হাজাৰ ঘন মিটাৰ। অৰ্থাৎ, এই স্মগ টাৱাৰটোৱে প্ৰতি ছেকেণ্ডত এক হাজাৰ কিউবিক মিটাৰ পৰিষ্কাৰ বায়ু উলিয়াই দিব।
শেষত মুখ্যমন্ত্ৰী কেজৰিৱালে জনায় যে, "টাৱাৰটোত মুঠ ৪৯ খন বৃহৎ আকাৰৰ ফেন আছে যি ৯৬০ আৰপিএম (প্ৰতি মিনিটত ঘূৰ্ণন) গতিত চলিব, লগতে টাৱাৰটোত মুঠ ৫০০০ বায়ু নিষ্কাশন কৰা ফিল্টাৰ আছে।
Comments