গুৱাহাটী, ২৪ আগষ্টঃ লখিমপুৰ জিলাৰ লালুকৰ বিজেপি কৰ্মী তথা জেষ্ঠ্য নেতা মিঠুৰঞ্জন দাসে ঋণত পোত গৈ ধন উভতাই দিব নোৱাৰাৰ বাবে জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰি আত্মহননৰ পথ বাছি লয়।
২০১৯ বৰ্ষত প্ৰায় ১৭ লাখতকৈ অধিক টকা সুদত লৈ লালুক মহাবিদ্যালয়ৰ কভিড কেয়াৰ চেণ্টাৰত খাদ্য সামগ্ৰীৰ যোগান ধৰাৰ লগতে ৰোগীক বিভিন্ন সুবিধা প্ৰদান কৰা মিঠুৰঞ্জন দাসে শাসনাধীন চৰকাৰখনৰ উচ্চ নেতালৈ কেইবাবাৰো পত্ৰ পঠিয়াইছিল।
কিন্তু সর্বানন্দ সোণোৱালৰ লগতে বিজেপিৰ বহু নেতা, মন্ত্রীৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত তথা লখিমপুৰ জিলা আই টি চেলৰ প্রাক্তন সহঃ আহবায়ক, বিজেপিৰ অতি পুৰণি নিষ্ঠাৱান কর্মী মিঠুৰঞ্জন দাসে উচিত প্ৰত্যুত্তৰ নোপোৱাত উপায়ন্তৰ হৈ নিজ বাসগৃহত চিপজৰী লৈ আত্মহত্যা কৰে।
পত্নীলৈ লিখি থৈ যোৱা ৩ পৃষ্ঠাযোৰা ছুইচাইড নোটত বিজেপি কৰ্মীগৰাকীয়ে জীৱনৰ চৰম সিদ্ধান্ত গ্রহণ কৰাৰ সকলো কাৰণ লিখি থৈ যায়।
Comments