গুৱাহাটী,২৬ আগষ্ট:সোনাপুৰ আৰক্ষীয়ে দিগাৰু চাৰিআলিৰ ওচৰৰ এটা গেৰেজত হেমন্ত মণ্ডল নামৰ এজন ব্যক্তিক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰিছিল।তেওঁক লগে লগে সোণাপুৰৰ জিলা চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছিল কিন্তু কৰ্তব্যৰত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল।আৰক্ষীৰ প্রাথমিক অনুসন্ধানত হত্যাৰ সন্দেহত ৰাকেশ কৰ্মকাৰ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে,যিয়ে উক্ত গেৰেজটোৰ নৈশ-প্ৰহৰী হিচাপে কৰ্মৰত হৈ আছিল।
আৰক্ষীৰ মতে অভিযুক্তই ভুক্তভোগীজনক হাতুৰীৰে আক্ৰমণ কৰিছিল, যাৰ বাবে তেওঁ আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰিছিল। অভিযুক্ত ৰাজেশে ব্যৱহাৰ কৰা হাতুৰীটো ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে। লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে।মৃতকৰ পিতৃৰ দ্বাৰা এখন এজাহাৰ দাখিল কৰা হৈছে আৰু সেই অনুসৰি সোনাপুৰ আৰক্ষী চকীত গোচৰ নং 574/2021; U/S- 302 আইপিচি ধাৰাত এটা গোচৰ পঞ্জীয়ন কৰি ইয়াৰ অধিক তদন্ত অব্যাহত ৰাখিছে।
Comments