গুৱাহাটী,২৬ আগষ্ট:বলিউডৰ প্ৰবীণ অভিনেতা অমিতাভ বচ্চন আৰু নীনা গুপ্তাৰ সহ-অভিনেত্ৰী তথা তলিউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰশ্মিকা মান্দন্নাৰ বলীউডৰ প্ৰথমখন চলচ্চিত্ৰ হৈছে 'গুডবাই'। ৰশ্মিকাৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে মুকলিকৈ প্ৰশংসা কৰিছিল গুডবাইৰ অন্যতম মুখ্য চৰিত্ৰত অভিনয় কৰা নীনা গুপ্তাই ।
শেহতীয়াকৈ হোৱা এক সাক্ষাৎকাৰত, নীনাই কৈছিল যে ৰশ্মিকাই ছবিখনত তেওঁৰ জীয়েকৰ চৰিত্ৰত অভিনয় কৰিছে । তেওঁ লগতে কৈছিল,"মই দৃশ্যগ্ৰহণৰ প্ৰথম দিনাই তাইৰ প্ৰেমত পৰিছিলো,মোৰ এনে লাগিছিল যেন তাই মোৰ নিজৰ ছোৱালী।"
নীনা গুপ্তাই লগতে কয়, "ৰশ্মিকা এনে ধৰণৰ ছোৱালী যাক আপুনি বেয়া পাব নোৱাৰে।তাইৰ হৃদয় বিশাল আৰু প্ৰথম দিনাৰ পৰাই আমি এনেদৰে বান্ধোন তৈয়াৰ কৰিছিলো যেন আমি ইজনে সিজনক বহু আগৰে পৰা চিনি পাওঁ।তাই এগৰাকী ভাল অভিনেত্ৰী। যদিও আমি এতিয়ালৈকে কেৱল কেইদিনমানহে কাম কৰিছো তথাপিও মই তাইৰ সৈতে কাম কৰি ভাল পাইছোঁ।"
Comments