Cartoon
View Older
গুৱাহাটী, ২৬ আগষ্টঃ ৰাজস্থান কেডাৰৰ ১৯৮৮ বৰ্ষৰ এজন জ্যেষ্ঠ আইপিএছ বিষয়া পংকজ কুমাৰ সিঙক সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। কেবিনেট সমিতিয়ে উক্ত পদটিৰ বাবে তেওঁক চলিত বৰ্ষৰ ৩১ আগষ্টৰ পৰা ২০২২ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত কাৰ্য্যভাৰ অৰ্পণ কৰিছে।
সিঙৰ দেউতাক প্ৰকাশ সিংও বিএছএফৰ সঞ্চালক প্ৰধান হিচাপে কৰ্মৰত আছিল। পংকজ কুমাৰ সিং বৰ্তমান বিএছএফৰ বাবে বিশেষ সঞ্চালক প্ৰধান হিচাপে কৰ্মৰত হৈ আছে। তেওঁ ২০২০ চনৰ ৭ ফেব্ৰুৱাৰীত বিএছএফত ডেপুটেশনত যোগদান কৰিছিল।
তেওঁ আঠ বছৰৰ বাবে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই) আৰু চাৰি বছৰৰ বাবে চি আৰ পি এফত সেৱা আগবঢ়াইছে। তেওঁ ৰাজস্থান আৰক্ষীৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদত সেৱা আগবঢ়াইছে আৰু ৰাষ্ট্ৰসংঘৰ প্ৰকল্পৰ বাবে বছনিয়াত এবছৰ অতিবাহিত কৰিছে।
Comments