গুৱাহাটী, ২৬ আগষ্টঃ মধুমেহ ৰোগীৰ বাবে নহৰুৰ এক বিশেষ লাভালাভ আছে। ই শৰীৰৰ বহুতো ৰোগৰ পৰা সুৰক্ষিত কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে। ই বিশেষকৈ মধুমেহ ৰোগীসকলৰ বাবে অত্যন্ত উপকাৰী। আমাৰ দেশত লাখ লাখ লোক মধুমেহ ৰোগত ভুগি আছে।
মধুমেহ হৈছে শৰীৰত ইনচুলিনৰ অভাৱৰ ফলত হোৱা শৰীৰৰ জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়াক প্ৰভাৱিত কৰা এবিধ ৰোগ। মধুমেহ ৰোগীসকলে তেওঁলোকৰ আহাৰৰ বিশেষ যত্ন ল'ব লাগিব, কিয়নো খাদ্যৰ ফলত ৰক্ত শৰ্কৰাৰ পৰিমাণ হ্ৰাস হয় আৰু নিয়ন্ত্ৰণহীনভাৱে বৃদ্ধি হয়।
আয়ুৰ্বেদৰ মতে মধুমেহ ৰোগীৰ ক্ষেত্রত নহৰুৱে উল্লেখনীয় ভূমিকা পালন কৰিব পাৰে। নহৰু বিভিন্ন ঔষধি গুণৰে সমৃদ্ধ। নহৰুত থকা পুষ্টিবোৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে শৰীৰটোক নিৰোগী কৰি ৰখাত সহায় কৰে। নহৰুত থকা এমিনো এচিড তেজত থকা শৰ্কৰা নিয়ন্ত্ৰণ কৰা হোমোচিষ্টেইনৰ (Homocysteine) পৰিমাণ হ্ৰাস কৰাত কাৰ্যকৰী।
মধুমেহ ৰোগীসকলে নহৰু গ্ৰহণ কৰাৰ সঠিক প্ৰণালীসমূহঃ
১. প্ৰথমে আপুনি ১০০ গ্ৰাম নহৰুৰ ৰস উলিয়াই, তাৰ লগত পিয়াজৰ ৰস, নেমুৰ ৰস আৰু আদাৰ ৰস যোগ দিব
২. এই সকলোবোৰ বস্তু ভালদৰে মিহলি কৰক আৰু তাৰ পিছত খালী পাত্ৰত ভালদৰে উতলাই তাত সমান পৰিমাণৰ মৌ যোগ দিয়ক
৩. তাৰ পিছত এই সংমিশ্রণ কৰা জুলীয় পদাৰ্থখিনিৰ পৰা দৈনিক এক চাহ চামুচকৈ গ্ৰহণ কৰৰ। ইয়াৰ ফলত শৰীৰত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত থাকিব
৪. ইয়াৰ সেৱনে হৃদযন্ত্ৰৰ সমস্যাসমূহ দূৰ কৰাত সহায় কৰে।
দৈনিক ২-৩ টা নহৰু কলি খাব
মধুমেহ ৰোগীসকলে দৈনিক ২ ৰ পৰা ৩ টা কেঁচা নহৰুৰ কলি চোবাই খাব পাৰে। যদি কোনো ব্যক্তিয়ে অত্যাধিক গৰম অনুভৱ কৰে, তেন্তে নিশা এগিলাচ পানীত নহৰু তিয়াই ৰাখি পিছদিনা পুৱা খালী পেটত সেৱন কৰক। ই শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখিব।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগ্ৰীহিত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।
Comments