গুৱাহাটী,২৬ আগষ্ট: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮ নং ছাত্ৰাৱাসৰ সৌজন্যত প্ৰকাশিত 'কেম্পাছ' শীৰ্ষক ই-আলোচনীখনৰ প্ৰস্তাৱনা সংখ্যা যোৱা ২২ আগষ্টৰ সন্ধ্যা শুভ উন্মোচন হয়। অনলাইন যোগে অনুষ্ঠিত কৰা উন্মোচনী সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰঞ্জন কুমাৰ কাকতি, অসমীয়া বিভাগৰ অধ্যাপক এম. কামালুদ্দিন আহমেদ আৰু ভূগোল বিভাগৰ অধ্যাপক নিত্যানন্দ ডেকাকে প্ৰমুখ্য কৰি বিশ্ববিদ্যালয়ৰ বহু কেইগৰাকী গৱেষক-গৱেষিকা আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
আলোচনীখনৰ মুখ্য সম্পাদক দীপজ্যোতি বৰাই আঁত ধৰা অনুষ্ঠানটিত যুটীয়া সম্পাদক তাহেৰ আলি আৰু বিকি শৰ্মাই ক্ৰমে সম্পাদকীয় মন্তব্য আৰু শলাগ জ্ঞাপন কৰে। প্ৰায় চাৰি কুৰি পৃষ্ঠাৰ এই আলোচনীখনত প্ৰবন্ধ, কবিতা, গল্প, অনুগল্প, মুক্ত আলাপ, গ্ৰন্থ সমালোচনা, অনুবাদ লেখা, ধাৰাবাহিক উপন্যাস, চলচ্চিত্ৰ সমালোচনা, ৰম্য ৰচনা, ফটোগ্ৰাফী ইত্যাদি শিতানৰ অন্তৰ্ভূক্তি কৰা হৈছে। আলোচনীখন উন্মোচন কৰি ড° কাকতিয়ে বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক সাহিত্য চৰ্চাৰ বাবে এখন মঞ্চ প্ৰদান কৰাৰ হেতুকে সম্পাদনা সমিতিক ধন্যবাদ দি প্ৰতিযোগিতামূলকভাৱে সাহিত্য চৰ্চাৰ কাম আগবঢ়াই নিবলৈ পৰামৰ্শ দিয়ে।
উদ্বোধনী ভাষণ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮ নং ছাত্ৰাৱাসৰ অধীক্ষক ডঃ নিত্যানন্দ ডেকাই ছাত্ৰ-ছাত্ৰীৰ এই প্ৰচেষ্টাৰ বাবে সকলোৰে শলাগ লৈ আৰু আলোচনীখনৰ সফলতাৰ কামনা কৰে। আলোচনীখনৰ উপদেষ্টা এম. কামালুদ্দিন আহমেদেও তেখেতৰ ভাষণত সকলোকে শুভকামনা জ্ঞাপন কৰাৰ 'কেম্পাছ'ৰ ধাৰাবাহিকতাৰ ৰক্ষাৰ দিশটো উনুকিয়াই দিয়ে। সৰ্বশেষত, পৰৱৰ্তী সংখ্যাসমূহৰ বাবে মুকলিকৈ লেখা আহ্বানেৰে ([email protected]) সভাখনৰ অন্ত পৰে। উল্লেখযোগ্য যে, কেম্পাছ আলোচনী খন কেম্পাছ : ত্ৰিভাষিক মাহেকীয়া ই - আলোচনী ফেচবুক পেজটোত উপলব্ধ হ'ব।
Comments