নুমলীগড়ৰ পৰা নীলু আচার্য ঃ ২৬ আগষ্ট ঃ নুমলীগড়ৰ ধনশিৰি নৈৰ ঘাটেদি সুদূৰ পাৰা দ্বীপলৈ ১৬০০ কিল’মিটাৰ জলপথেৰে নুমলীগড় শোধনাগাৰৰ উৎপাদিত তৈলজাত সামগ্রী আৰু খাৰুৱা তেল সৰবৰাহৰ এক ঐতিহাসিক বুজাবুজি চুক্তি আজি স্বাক্ষৰিত হৈছে৷ নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলৰ ‘কুঞ্জলতা’ প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ভাৰতীয় জল পৰিবহণ বিভাগ আৰু নুমলীগড় শোধনাগাৰৰ সৈতে স্বাক্ষৰিত হৈছে এই চুক্তি৷ প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় জাহাজ, বন্দৰ আৰু আয়ুস মন্ত্রী সর্বানন্দ সোণোৱালৰ উপস্থিতিত স্বাক্ষৰিত হয় এই চুক্তি৷
অনুষ্ঠানত জ্যেষ্ঠ মন্ত্রী অতুল বৰা, বিধায়ক ভৱেন ভৰালী, বিশ্বজিৎ ফুকন, শোধনাগাৰৰ পৰিচালন সঞ্চালক এইচ কে বৰুৱা, কেন্দ্রীয় জল পৰিবহণ বিভাগৰ বিষয়া আশুতোষ গৌতম উপস্থিত থাকে৷ অনুষ্ঠানত ভার্চুৱেল ভাষণ আগবঢ়ায় কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলীয়ে৷ আজি এই চুক্তিৰ ফলত নুমলীগড় শোধনাগাৰৰ অর্থনৈতিক বুনিয়াদ অধিক শক্তিশালী হ’ব বুলি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে উল্লেখ কৰে৷ লগতে মন্ত্রী গৰাকীয়ে কয় যে অসম আন্দোলনৰ ফলত শ শ শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত এন আৰ এল স্থাপিত হৈছে৷
অসম তথা উত্তৰ-পূর্বাঞ্চলৰ উন্নয়ন অধিক ক্ষিপ্রতৰ কৰি তুলিবৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কৰা প্রচেষ্টাৰ বাবে আমি তেওঁক কৃতজ্ঞতা জনাইছোঁ৷ আজি হোৱা চুক্তি অনুসৰি ব্রহ্মপুত্র, ধনশিৰি নদীৰ এই জলপথৰ অধিক গুৰুত্ব পাব৷ ব্রহ্মপুত্র আৰু বৰাক উপত্যকাৰ নদীসমূহ জলপথৰ উপযোগী কৰি তুলিব পৰাকৈ পর্যায়ক্রমে ব্যৱস্থা গ্রহণ কৰা হ’ব৷ নুমলীগড়ৰ ধনশিৰিঘাটটো উন্নয়নৰ লগে লগে কেৱল নুমলীগড় শোধনাগাৰৰ যে সুবিধা হ’ব এনে নহয়, ইয়াৰ দ্বাৰা ভৱিষ্যতে ব্যাৱসায়িক যাতায়াতৰ সুচল হ’ব৷
সোণোৱালে লগতে কয় যে ৰাজ্যখনৰ ভিতৰতে গোলাঘাট জিলাখন কৃষিৰ অধিক সম্ভাৱনা থকা জিলা৷ ইয়াত থকা গছ-গছনি, লতা আদিয়ে প্রাকৃতিক সৌন্দর্য অধিক শুৱনি কৰিছে৷সেয়ে বোধ হয় জিলাখনৰ বিধায়ক অতুল বৰাক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৃষিমন্ত্রী হিচাপে দায়িত্ব অর্পণ কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বলিষ্ঠ নেতৃত্বত ৰাজ্য চৰকাৰে বিগত এশ দিনত কৰা কাম-কাজ এক লাখ নিযুক্তিকে ধৰি ৰাজ্য চৰকাৰে গ্রহণ কৰা কার্যৰ ভূয়সী প্রশংসা কৰি ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰৰ সকলো দিশতে জনসাধাৰণৰ সহযোগ কামনা কৰি কয় যে জনসাধাৰণৰ সহযোগ অবিহনে চৰকাৰৰ এনে বৃহৎ বৃহৎ আঁচনিসমূহ কোনো কাৰণতে সফল হ’ব নোৱাৰে৷
মন্ত্রী সোণোৱালে নিজৰ আয়ুস বিভাগটোৰ সম্পর্কত বক্তব্য আগবঢ়ায়৷ প্রধানমন্ত্রী চিকিৎসা আৰু পৰিকল্পনা বিভাগৰ লগতে আয়ুসক সংযোজন কৰি একেলগে কাম কৰাৰ পোষকতা কৰা সম্পর্কতো বক্তব্য প্রসংগত উল্লেখ কৰে৷ কৃষিমন্ত্রী অতুল বৰাই আজি আমাৰ ৰাজ্যখনৰ বাবে এক ঐতিহাসিক দিন বুলি উল্লেখ কৰি কয় যে প্রধানমন্ত্রীয়ে অসমৰ সু-সন্তান সর্বানন্দ সোণোৱাল দেৱক কেইবাটাও গুৰুত্বপূর্ণ বিভাগৰ মন্ত্রিত্বৰ দায়িত্ব অর্পণ কৰিছে৷ সোণোৱাল দেৱেও অতি আন্তৰিকতাৰে আৰু ঐকান্তিকভাৱে বিভাগকেইটাৰ দায়িত্ব গ্রহণ কৰি আজি আমাৰ ৰাজ্যৰ বাবে এখন বিলাসী আঁচনিৰ চুক্তিত স্বাক্ষৰ কৰিলে৷
ইয়াৰ দ্বাৰাই আমাৰ ৰাজ্যখন অর্থনৈতিকভাৱে লাভৱান হোৱাৰ লগতে যাতায়াতৰ সুফল লাভ কৰিব ৰাইজে৷ বক্তব্যত নুমলীগড় শোধনাগাৰ কর্তৃপক্ষক আনাৰস আৰু অন্যান্য ফল-মূলৰ চাহিদাৰ প্রতি লক্ষ্য ৰাখি শোধনাগাৰ কর্তৃপক্ষক এটা শীতলীকৰণ কেন্দ্র স্থাপন কৰিবৰ বাবে আহবান জনায় মন্ত্রী অতুল বৰাই৷ মন্ত্রীগৰাকীৰ এই প্রস্তাৱ শোধনাগাৰ কর্তৃপক্ষই মানি লৈছে৷ গোলাঘাট জিলাৰ পাছতে সমষ্টিত ৰাজহুৱা সভাগৃহ নির্মাণৰ বাবে আহবান জনায়৷ নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাই শলাগৰ শৰাই আগবঢ়াই৷
উল্লেখযোগ্য যে নুমলীগড় শোধনাগাৰে বর্তমানৰ ৩ মেট্রিকটন শোধন ক্ষমতা তিনিগুণ বৃদ্ধি কৰি ৯ মেট্রিকটন কৰিবলৈ শোধনাগাৰ সম্প্রসাৰণ প্রকল্প আৰম্ভ কৰিছে৷ এই সম্প্রসাৰিত প্রকল্পটোৰ বাবে সমগ্র দেশ আৰু বিদেশৰ পৰাও বহু বৃহৎ সঁজুলি জলপথেৰে শোধনাগাৰটোলৈ অনা হ’ব৷ এই সঁজুলিবোৰৰ কেইবাটাও সঁজুলি অভাৰ ডাইমেনশ্যনেল কনচাইনমেণ্ট আৰু অভাৰ ৱেট কনচাইনমেণ্ট শ্রেণীৰ অন্তর্গত হোৱাৰ বাবে স্থলপথেৰে অনাটো সম্ভৱ নহয়৷ যাৰ বাবে ৰাজ্যৰ ব্রহ্মপুত্র আৰু ধনশিৰি নদীৰ জলপথ ব্যৱহাৰ কৰিব নুমলীগড় শোধনাগাৰে৷
ইয়াৰ বাবে আনকি দেশৰ পশ্চিমাঞ্চলৰ মুখ্য বন্দৰবোৰক উত্তৰ-পূব অঞ্চলক সংযোগ কৰিবলৈ সাগৰ আৰু নদীৰ পথবোৰ ব্যৱহাৰ কৰিব বুলিও শোধনাগাৰ কর্তৃপক্ষই জানিবলৈ দিয়ে৷ অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্রজ্বলন কৰে সর্বানন্দ সোণোৱালে৷ ইয়াৰ পিছত শোধনাগাৰ কর্তৃপক্ষই অভ্যন্তৰীণ জল পথ প্রাধিকৰণৰ দ্বাৰা একোটাকৈ সচিত্র উপস্থাপনেৰে এই জলপথৰ সবিশেষ দাঙি ধৰে৷ অনুষ্ঠানৰ প্রাক৲ক্ষণত নুমলীগড় ৰৌদুৱাৰ গাঁৱত ধনশিৰি নদীত থকা নুমলীগড় শোধনাগাৰৰ নদী বন্দৰটো সর্বানন্দ সোণোৱালে পৰিদর্শন কৰে৷
Comments