গুৱাহাটী, ২৫ আগষ্টঃ শ্ৰীলংকাৰ ক্ৰিকেটৰ অৱস্থা দিনক দিনে অতি বেয়া পৰিস্থিতিৰ মাজেৰে অতিবাহিত কৰিছে। শ্ৰীলংকাৰ বহুতো খেলুৱৈ আৰু প্ৰাক্তন ক্ৰিকেটাৰ এতিয়া ক্ৰিকেটৰ সলনি আন কাৰ্যকলাপত নিয়োজিত হ'বলগীয়া হৈছে। কোনো কোনো খেলুৱৈয়ে ভোক নিৱাৰণৰ বাবে গাড়ীচালক হ'বলৈও বাধ্য হৈ পৰিছে। ঠিক তেনেকৈ ধোনী আৰু আই পি এলৰ লগতে বিশ্বকাপত খেলা ক্ৰিকেটাৰ গৰাকীয়ে বৰ্তমান অষ্ট্ৰেলিয়াত গাড়ী চলাই জীৱন অতিবাহিত কৰি আছে।
শ্ৰীলংকাৰ এই ক্ৰিকেটাৰজনৰ নাম হৈছে সুৰজ ৰন্দিভ। ২০১১ চনত ভাৰতত অনুষ্ঠিত হোৱা বিশ্বকাপ ক্ৰিকেটত সুৰজ ৰন্দিভ শ্ৰীলংকাৰ দলৰ অংশ আছিল। সুৰজে ৰন্দিভে ধোনীৰ অধিনায়কত্বত চেন্নাই ছুপাৰ কিংছ দলৰ হৈও খেলিছে। ২০১২ চনত চেন্নাই ছুপাৰ কিংছ দল হৈ খেলি ৰন্দিভে ৮ খন মেচত ৬ টা উইকেট লৈছিল।
শ্ৰীলংকাৰ হৈ ক্ৰিকেট খেলা সুৰজ ৰন্দিভক এতিয়া ক্ৰিকেটাৰৰ পৰা এজন বাছ চালক হৈ পৰিছে। শ্ৰীলংকাৰ প্ৰাক্তন স্পিনাৰ সুৰজ ৰন্দিভে ২০১৯ চনত অষ্ট্ৰেলিয়ালৈ ৰাওনা হয়, য'ত তেওঁ বৰ্তমান বাছ চালকৰ উপৰিও স্থানীয় ক্লাবৰ হৈ ক্ৰিকেট খেলে। সুৰজ ৰন্দিভে শ্ৰীলংকাৰ হৈ ১২ খন টেষ্টত ৪৬ টা উইকেট দখল কৰিছিল। ৰন্দিভে ৩১ খন এদিনীয়াত ৩৬ টা আৰু ৭ খন টি-২০ খেলত ৭ টা উইকেট দখল কৰিছিল।
ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলে সুৰজ ৰন্দিভক ৯৯ ৰাণত বেটিং কৰাৰ সময়ত চেহৱাগক শতক অৰ্জন কৰিব নিদিবলৈ ন' বল দিয়াৰ বাবে আহিছিল। দৰাচলতে, সুৰজ ৰন্দিভে দিলশানৰ নিৰ্দেশত এটা ন' বল দিছিল যাতে বীৰেন্দ্ৰ ছেহৱাগৰ শতক সম্পূৰ্ণ হ'ব নোৱাৰে।
ভাৰতক জিকিবলৈ এক ৰাণৰ প্ৰয়োজন আছিল আৰু চেহৱাগে ৯৯ ৰাণত বেটিং কৰি আছিল। যদি চেহৱাগে এক ৰাণ সংগ্ৰহ কৰিলে হয়, তেন্তে তেওঁৰ শতক সম্পূৰ্ণ হ'লহেঁতেন। দিলশানে ষড়যন্ত্ৰমূলক ভাৱে ৰন্দিভক ন' বল দলিয়াবলৈ পৰামৰ্শ দিছিল আৰু তেওঁ সেই কাম কৰিছিল।
বীৰেন্দ্ৰ ছেহৱাগৰ সৈতে প্ৰৱঞ্চনা কৰাৰ বাবে সুৰজ ৰন্দিভ সমগ্ৰ বিশ্বতে বদনাম হৈ পৰিছিল। ৰন্দিভ ক্ৰিকেটাৰ হিচাপে সফল নহ'ল আৰু আজি অষ্ট্ৰেলিয়াত বাছ চালক হ'বলৈ বাধ্য হ'ল।
Comments