Classifieds
View All
গুৱাহাটী, ২৬ আগষ্টঃ বুধবাৰে সন্ধিয়া ৰাজস্থানৰ বাৰমেৰ জিলাত ভাৰতীয় বায়ু সেনাৰ এখন মিগ-২১ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হয়।
উক্ত ঘটনা সন্দৰ্ভত বাৰমেৰৰ আৰক্ষী অধীক্ষক আনন্দ শৰ্মাই কয় যে, "ঘটনাটো সদৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত ভুৰটিয়া গাঁৱৰ ওচৰত সংঘটিত হৈছিল।"
তেওঁ লগতে কয়, "যুঁজাৰু বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাত কোনো সাধাৰণ লোক ক্ষতিগ্রস্ত হোৱা নাই।
আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু পাইলটজনক সুকলমে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পৰা উলিয়াই অনা হয়।"
Comments