গুৱাহাটী,২৯ আগষ্টঃ উত্তৰাখণ্ডত বিধানসভা নিৰ্বাচন সমাগত, সেইবাবে চৰকাৰে জনসাধাৰণ আৰু যুৱ প্ৰজন্মক আকৰ্ষিত কৰিবলৈ কেইবাটাও আকৰ্ষণীয় ঘোষণা প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ৰাজ্যখনৰ চৰকাৰী ডিগ্ৰী মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা প্ৰায় ১ লাখ শিক্ষাৰ্থীক টেবলেট প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। চৰকাৰে টেবলেট দিবলৈ প্ৰায় ১০০ কোটি টকা আৱণ্টন কৰিব।
প্ৰত্যেকখন মহাবিদ্যালয়তেই ৱাই-ফাইৰ সুবিধা প্ৰদান কৰিব।মন্ত্ৰীগৰাকীয়ে লগতে কয় যে উচ্চ শিক্ষাৰ ডিজিটাইজেশ্যনৰ বাবে চৰকাৰী মহাবিদ্যালয়সমূহত ৪জি সংযোগ প্ৰদান কৰাৰ লগতে ৱাই-ফাইৰ সুবিধা প্ৰদানৰ প্ৰক্ৰিয়াও চলি আছে। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কৈছিল যে চৰকাৰে ইতিমধ্যে দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক টেবলেট প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে য'ত তেওঁলোকৰ সমগ্ৰ পাঠ্যক্ৰম প্ৰদান কৰা হ'ব।
Comments