Classifieds
View All
গুৱাহাটী,২৯ আগষ্ট:জনীয়া বিধানসভা সমষ্টিৰ বিভিন্ন এলেকাত বেঁকী নদীৰ গৰাখহনীয়াই সংসাৰী ৰূপ ধাৰণ কৰিছে। নদীৰ গৰাখহনীয়াই হেজাৰ হেজাৰ পৰিয়ালক পথত বাস কৰিবলৈ বাধ্য কৰাইছে। বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে জনীয়াৰ সাওপুৰত বেঁকী নদীৰ বিধ্বংসী গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ আহি কয় যে, চৰকাৰে ক্ষীপ্ৰতাৰে গৰাখহনীয়া প্ৰতিৰোধৰ কাম নকৰাৰ কাৰণে এনে সমস্যাৰ সৃষ্টি হৈছে।
ইপিনে কংগ্ৰেছ তথা নিজ দলৰেই সংখ্যালঘু বিভাগৰ অধ্যক্ষ ছলমান খানে সাংসদ আব্দুল খালেকে বিজেপি আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সন্তুষ্ট কৰিবলৈ সাম্প্ৰদায়িক মন্তব্য কৰি আহিছে বুলি অনা অভিযোগ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা গা এৰা দিয়াৰ মনোভাৱেৰে কয়,"এইক্ষেত্ৰত দলে ব্যৱস্থা গ্ৰহণ কৰিব।"
Comments