Classifieds
View All
গুৱাহাটী, ২৮ আগষ্টঃ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুকুৰবাৰে পুনেৰ আৰ্মি স্পৰ্টছ ইনষ্টিটিউটত অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ নামত এখন ষ্টেডিয়াম উদ্বোধন কৰে। অনুষ্ঠানটোৰ সময়ত, সেনা প্ৰধান জেনেৰেল এম.এম. নাৰাৱন নীৰজ চোপ্ৰাৰ সৈতে নিজে উপস্থিত আছিল।
উক্ত বিষয় সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, "শেহতীয়াকৈ সমাপ্ত হোৱা টকিঅ' অলিম্পিকত সোণৰ পদক জয়ৰ বাবে আৰ্মি স্পৰ্টছ ইনষ্টিটিউট (এএছআই)ৰ নাম নীৰজ চোপ্ৰাৰ নামেৰে উদ্ধোধন কৰিলো। নীৰজ চোপ্ৰাই ভৱিষ্যতৰ প্ৰচেষ্টাত আৰু সফলতা অৰ্জন কৰক।"
ইপিনে, টকিঅ' অলিম্পিকত নীৰজৰ বিস্ময়কৰ প্ৰদৰ্শনৰ বাবে পুনেৰ আৰ্মি স্পৰ্টছ ইনষ্টিটিউটৰ বিষয়াই খেলুৱৈগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে।
Comments