Classifieds
View All
গুৱাহাটী, ২৮ আগষ্টঃ কৃষি আইন বিৰোধী প্ৰতিবাদৰ নেতৃত্ব দিয়া সংযুক্ত কিষাণ মৰ্চাই আগন্তুক ২৫ ছেপ্টেম্বৰ তাৰিখে 'ভাৰত বন্ধ'ৰ আহ্বান জনাইছে।
উক্ত বিষয় সন্দৰ্ভত সংযুক্ত কিষাণ মৰ্চাৰ আশীষ মিট্টালে কয় যে, "সংযুক্ত কিষাণ মৰ্চাৰ এই পদক্ষেপৰ উদ্দেশ্য হৈছে যোৱা বছৰ নৱেম্বৰত আৰম্ভ হোৱা কৃষক আন্দোলনক অধিক শক্তিশালী আৰু সম্প্ৰসাৰিত কৰা। সেয়েহে আমি ২৫ ছেপ্টেম্বৰ তাৰিখে 'ভাৰত বন্ধ'ৰ আহ্বান জনাইছো।"
মিট্টালে লগতে কয় যে, "বিগত বৰ্ষতো একে তাৰিখতে 'ভাৰত বন্ধ'ৰ দিয়া হৈছিল আৰু আমি আশাবাদী যে ক'ৰনা ভাইৰাছ মহামাৰীৰ মাজত অনুষ্ঠিত হোৱা যোৱা বছৰৰ ভাৰত বন্ধতকৈ এই বছৰৰ বন্ধ অধিক সফল হ'ব।"
Comments