গুৱাহাটী, ২৮ আগষ্টঃ যিকোনো ব্যঞ্জন পিঁয়াজ অবিহনে অসম্পূৰ্ণ যেন লাগে। ব্যঞ্জনত পিঁয়াজ দিয়াৰ ফলত খাদ্যসম্ভাৰ আৰু অধিক সুস্বাদু হৈ পৰে। কিন্তু পিঁয়াজ কটাৰ সময়ত যথেষ্ট পৰিমাণে চকুপানী ওলায়। যাৰ ফলত চকুৰে একো মণিব নোৱাৰা হোৱাত কেতিয়াবা সৰু দুৰ্ঘটনা ঘটাও দেখা যায়। সাধাৰণতে পিঁয়াজ কটাৰ সময়ত এবিধ গেছ নিৰ্গত হয়, যি পানীৰ সংস্পৰ্শলৈ আহি এচিড হৈ পৰে। তাৰ ফলশ্রুতিত, যেতিয়া আমি পিঁয়াজ কটাৰ সময়ত উশাহ লওঁ, তেতিয়া এই গেছবোৰ আমাৰ শৰীৰৰ ভিতৰলৈ যায়। ইয়াৰ ফলত চকুত জ্বলা-পোৰা কৰিবলৈ লয় আৰু চকুপানী ওলাই আহিবলৈ আৰম্ভ কৰে।
পিঁয়াজ কটাৰ সময়ত চকুপানীৰ পৰা যদি ৰক্ষা পাব বিচাৰে তেন্তে নিম্নলিখিত এইসমূহ পদ্ধতি অনুসৰণ কৰকঃ
১. চুইংগাম
চুইংগাম চোবাই থকাৰ ফলত মুখৰ মাজেৰে উশাহ লোৱাত সহায় কৰে। ইয়াক মুখত ৰাখিলে চকুৰ বিৰক্তি যথেষ্ট পৰিমাণে কম হয়।
২. পিঁয়াজ কটাৰ আগত ফ্ৰিজত ৰাখক
পিঁয়াজবোৰ কটাৰ আগতে ৰেফ্ৰিজেৰেটৰত ৰখাটোও এটা ভাল উপায়। পিঁয়াজটো কটাৰ আগতে প্ৰায় ১৫ মিনিটৰ বাবে ফ্ৰিজত ৰখাৰ ফলত বায়ুত এচিড এনজাইমৰ পৰিমাণ হ্ৰাস হৈ পৰে।
৩. চশমা পিন্ধি পিঁয়াজ কাটিব
আপুনি পিঁয়াজ কাটি থাকোঁতে চশমা পিন্ধিব পাৰে এনে কৰিলে আপোনাৰ চকুৱে বিৰক্তি অনুভৱ নকৰিব।
৪. ভিনেগাৰ ব্যৱহাৰ কৰক
পিঁয়াজখিনি বাকলিৰ সৈতে অলপ সময়ৰ বাবে বাটিত নিমখ আৰু অলপ ভিনেগাৰ যোগ দি ৰাখক। তাৰ পিছত পিঁয়াজ কাটিলে চকুপানী নিৰ্গত নহয়।
৫. মম জ্বলাই ৰাখক
আপুনি পিঁয়াজ কাটি থকা ঠাইত এটা মমবাতি জ্বলাই থৈ দিব। এনে কৰাৰ দ্বাৰা, পিঁয়াজৰ পৰা নিৰ্গত হোৱা গেছ মমবাতিৰ জুইৰ শিখাই শুহি ল'ব আৰু আপোনাৰ চকু জ্বলা-পোৰা কৰা বন্ধ হ'ব।
৬. মুখৰে উশাহ লওক
পিঁয়াজ কাটি থাকোঁতে নাকৰ সলনি মুখৰে উশাহ ল'লে পিঁয়াজৰ পৰা নিৰ্গত হোৱা উপাদানবোৰ নাকৰ ভিতৰৰ স্তৰত উপনীত হ'ব নোৱাৰিব।
৭. চুৰিৰ আগত নেমু কাটি লগাই লওক
পিঁয়াজ কটাৰ আগতে চুৰিৰ বা কটাৰীৰ আগত নেমুৰ টুকুৰা এটা ঘঁহি লওক অথবা লগাই লওক। এনে কৰিলে পিয়াজ কাটি থাকোঁতে চকু পানী বাহিৰ নহয়।
৮. মাইক্ৰ'ৱেভ
পিঁয়াজটো কটাৰ আগতে ৪৫ ছেকেণ্ডৰ বাবে মাইক্ৰ'ৱেভত ৰাখিলে চকুপানী ওলোৱা যথেষ্ট হ্ৰাস হ'ব। কিয়নো ইয়াৰ ফলত চকুপানী ওলোৱা যৌগবোৰ ভাঙি নষ্ট হৈ পৰে।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগ্ৰীহিত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।
Comments