Cartoon
View Older
গুৱাহাটী,২৯ আগষ্টঃ ‘মহাজোঁট ভাঙিলে সকলোৰে লাভ হ’ব। বিপিএফক আমি মহাজোঁটৰ পৰা ওলাই যাবলৈ কোৱা নাই। বিপিএফ স্ব-ইচ্ছাৰে মহাজোঁটৰ পৰা গুচি গৈছে।বিপিএফ ওলাই গ’লে কংগ্ৰেছৰ সপোনখিনি বাস্তৱত পৰিণত হ’ব। কাৰণ বিটিচি অঞ্চলত থকা কংগ্ৰেছ দল বিপিএফ কাৰণেই নিৰ্বাচনত পৰাজিত হৈছিল। বিপিএফ মহাজোঁটৰ পৰা ওলাই গ’লেই বিটিচিত থকা কংগ্ৰেছকৰ্মীসকলে কাম কৰিবলৈ পূৰ্ণ সুযোগ লাভ কৰিবলৈ সক্ষম হ’ব।’
এই বিস্ফোৰক মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। আজি গোসাইগাঁও মহকুমাৰ তেলিপাৰাস্থিত কৃষি বিজ্ঞান গৱেষণা কেন্দ্ৰৰ সভাগৃহত অনুষ্ঠিত কংগ্ৰেছ দলৰ এখন কৰ্মীসভাত অংশগ্ৰহণ কৰি দলৰ সভাপতি ভূপেন বৰাই এই মন্তব্য প্ৰকাশ কৰে। তেওঁ আৰু কয় যে মহাজোঁট ভংগ হ’লে সকলোৰে লাভ হ’ব কাৰণ ইয়াৰ সুযোগ গ্ৰহণ কৰি সকলোৱে নিজ সংগঠন মুকলিকৈ সম্প্ৰচাৰ কৰিব পাৰিব।
Comments