গুৱাহাটী, ২৭ আগষ্টঃ স্বাস্থ্যকৰ জীৱন যাপন কৰিবলৈ আমি কেইটামান কথা সদায়ে মনত ৰাখিব লাগে। যেনে; ব্যায়াম কৰা আৰু স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰা ইত্যাদি।
প্ৰকৃতিৰ এটা বিশেষ উপহাৰ হ'ল ডালিম। যাক স্বাস্থ্যৰ বাবে অতিকৈ ভাল বুলি গণ্য কৰা হয়। ডালিমৰ গুটিবোৰ ৰসেৰে পৰিপূৰ্ণ হৈ থাকে, যদিও বীজ, বাকলি আৰু ফুলবোৰত বহুতো গুণ লুকাই থাকে। বিশেষকৈ ইয়াৰ ফুলবোৰত যথেষ্ট পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ। ডালিমৰ ফুলেও ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰি ৰখাত সহায়ক হয় আৰু বহুতো ৰোগ প্ৰতিৰোধ কৰিব পাৰে।
ডালিমফুল খোৱাৰ লাভালাভসমূহঃ
ডালিমৰ ফুলত ভিটামিন এ, চি আৰু ই আৰু ফলিক এচিড থাকে। ইয়াৰ উপৰিও এণ্টি-অক্সিডেণ্ট, এণ্টি-ভাইৰাছৰ গুণাগুণ পোৱা যায়। ডালিমৰ ফুল মধুমেহ ৰোগীৰ বাবে যথেষ্ট উপকাৰী। ই শৰীৰত গ্লুকোজ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। যেতিয়া শৰীৰত ৰক্ত শৰ্কৰাৰ হাৰ অনিয়ন্ত্ৰিত হৈ পৰে, তেতিয়া শৰীৰত বিৰূপ প্ৰভাৱ পৰিবলৈ লয় আৰু মস্তিষ্কৰ কোষবোৰ ক্ষতিগ্ৰস্ত হয়। এই ক্ষেত্ৰত, ডালিম ফুল খোৱাটোৱে ৰক্ত শৰ্কৰা বৃদ্ধি হোৱাৰ ফলত হোৱা বিৰূপ প্ৰভাৱৰ চাপ হ্ৰাস কৰাত সহায় কৰে। একে সময়তে, মন শান্ত হৈ থাকে।
ডালিমৰ ফুল কেনেদৰে গ্ৰহণ কৰিবঃ
যদি আপুনি ডালিমৰ ফুল কেঁচাকৈ খাব পাৰে, তেন্তে ১-২ টা ফুল লওঁক আৰু সেইবোৰ চোবাওক। আপুনি ডালিমৰ ফুলৰ চাহ বনাই খাব পাৰে আৰু এই ফুলবোৰ চোবাই খাব পাৰে। চাহ বনাবলৈ ডালিমৰ ফুলবোৰ শুকাই থওক। তাৰ পিছত চচপেনত একাপ পানী গৰম কৰক। গৰম কৰাৰ পিছত, ইয়াত কিছু ফুল যোগ দিয়ক। ২-৩ মিনিটৰ বাবে কম জুইত উতলাই, কাপত লৈ সেৱন কৰক।
ডালিমৰ ফুলত এণ্টিঅক্সিডেণ্টৰ গুণাগুণ থাকে। ইয়াৰ গ্ৰহণে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ গ্ৰহণে শৰীৰক বিভিন্ন বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা সুৰক্ষিত কৰিব ৰাখিব পাৰে। লগতে শৰীৰৰ ছাল সতেজ হৈ থাকে।
হৃদযন্ত্ৰ হৈছে শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অঙ্গবোৰৰ ভিতৰত এটা। ই গোটেই শৰীৰত তেজ চলাচল কৰাত সহায় কৰে। হৃদযন্ত্রই কেৱল অক্সিজেন প্ৰদান কৰাই নহয়, ই শৰীৰৰ বিভিন্ন প্ৰক্ৰিয়া সুচাৰুৰূপে চলাই নিয়াত সহায় কৰে আৰু গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান প্ৰদান কৰে। হৃদযন্ত্ৰৰ সঠিক যতন নল'লে শৰীৰত অলস অনুভৱ হয় আৰু শক্তি কমি যায়। এই ক্ষেত্ৰত আপুনি ডালিমৰ ফুল খাব পাৰে।
ডালিমৰ ফুলত থকা এণ্টিঅক্সিডেণ্টবোৰে কেৱল আপোনাৰ ৰোগ প্ৰতিৰোধ প্ৰণালীবৃদ্ধি কৰাৰ লগে শৰীৰত জমা হোৱা চৰ্বি আঁতৰ কৰি আপোনাক স্বাস্থ্যৱান কৰি ৰাখে। অৱশ্যে, ইয়াৰ পৰা অধিক লাভালাভ পাবলৈ, ব্যায়াম আদি কৰাটো বাধ্যতামূলক।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগ্ৰীহিত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।
Comments