Cartoon
View Older
গুৱাহাটী, ২৮ আগষ্টঃ বলীউডৰ মহাতাৰকা অমিতাভ বচ্চনে শেহতীয়াকৈ নিজ বাসগৃহতে পানী যোগানৰ সমস্যাত ভুগিবলগীয়া হৈছে। অমিতাভ বচ্চনে এক বাৰ্তাযোগে তেওঁৰ এই সমস্যাৰ কথা উল্লেখ কৰিছে। অভিনেতাজনে তেওঁৰ বাৰ্তাত লিখিছিল যে, "এই দিন কেইটা অতি কষ্টকৰ আছিল, কিন্তু পৰৱৰ্তী সময়ত নিশ্চয় কিবা সমাধান ওলাব পাৰে বুলি মই আশাবাদী।"
এই বাৰ্তা তেওঁ টেলিভিশ্যনৰ জনপ্ৰিয় অনুষ্ঠান "কৌন বনেগা কৰোড়পতি" মঞ্চত পলমকৈ উপস্থিত হোৱা বাবে ব্যক্ত কৰিছিল। তেওঁ ৰাতিপুৱা ৬ বজাত সাৰ পাই দেখিলে যে ঘৰত পানী নাই, সেয়েহে দৈনন্দিন কামবোৰ কৰি দৃশ্যগ্ৰহণলৈ অহাত পলম হৈছিল।”
বৰ্তমান বয়সতো অমিতাভ বচ্চনে দিনত ১২ ঘণ্টাতকৈ অধিক সময় চলচ্চিত্ৰ আৰু টিভি অনুষ্ঠানৰ দৃশ্যগ্ৰহণত অতিবাহিত কৰে।
Comments