গুৱাহাটী, ৩০ আগষ্টঃ মুম্বাইৰ পূব উপনগৰ মানখুৰ্ডৰ এটা শিশু গৃহৰ মুঠ ১৮ টা শিশু বিগত তিনি দিনত ক'ভিড-১৯ ৰ দ্বাৰা সংক্ৰমিত হৈছে। পৌৰ নিগমৰ এজন বিষয়াই জানিবলৈ দিয়া অনুসৰি, "ইয়াৰে ১৫ টা শিশু শুক্ৰবাৰে ক'ভিড পজিটিভ হিচাপে চিনাক্ত হৈছিল, আৰু পৰৱৰ্তী সময়ত শিশুকেইটাক চেম্বুৰৰ এটা পৃথকীকৰণ ৱাৰ্ডলৈ প্ৰেৰণ কৰা হৈছিল।
ইপিনে ৩ টা শিশু শেহতীয়াকৈ সংক্ৰমিত হোৱাৰ ফলত ক'ভিডৰ তৃতীয় ঢৌৰ আশংকা অধিক বৃদ্ধি পাইছে। পৌৰ নিগমৰ বিষয়াগৰাকীয়ে লগতে কয় যে, "এনে ধৰণৰ ক'ভিড পৰীক্ষা প্ৰতি মাহে কৰা হৈ আছে।"
তেওঁ লগতে কয় যে, "যোৱা বৃহস্পতিবাৰে এখন ব্যক্তিগত অনাথ আশ্ৰম আৰু বৰ্ডিং স্কুলৰ মুঠ ২৬ টা শিশু ক'ভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হৈছিল, আৰু শিশুকেইটাৰ বয়স ১২ বছৰৰ তলত পোৱা গৈছিল।"
তদুপৰি, "থানে জিলাৰ উলহাচনগৰত চৰকাৰৰ দ্বাৰা পৰিচালিত কিশোৰ সংশোধন গৃহত ১৪ টা শিশু ক'ৰনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা ঘটনাই লোকসকলৰ মাজত অধিক উদ্বিগ্নতাৰ সৃষ্টি কৰিছে।"
Comments