Choose Language

  • All  
  • English
  • অসমীয়া

মুম্বাইত অনুপম খেৰে ভাড়াঘৰত হে বসবাস কৰি আছে


Published on August 30, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

তৃতীয় লিঙ্গৰ ব্য়ক্তিসকলৰ বাবে দিল্লী মেট্ৰ'ৰ পৃথক শৌচালয়ৰ ব্যৱস্থা


Published on August 30, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ৩০ আগষ্টঃ তৃতীয় লিঙ্গৰ সম্প্ৰদায়ৰ বাবে প্ৰৱেশাধিকাৰ বৃদ্ধি কৰিবলৈ, দিল্লী মেট্ৰ' ৰে'ল কৰ্পোৰেশ্যনে (ডিএমআৰচি) তৃতীয় লিঙ্গৰ ব্য়ক্তিসকলৰ বাবে পৃথক শৌচাগাৰৰ সুবিধা  কৰিছে। যি সুবিধা পূর্বে কেৱল দিব্যাংগ লোকসকলৰ বাবে আছিল।

উক্ত বিষয় সন্দৰ্ভত দিল্লী মেট্ৰ'ৰ এজন বিষয়াই কয় যে, "নিৰাপত্তা প্ৰদান কৰিবলৈ আৰু তৃতীয় লিঙ্গৰ সম্প্ৰদায়ৰ বিৰুদ্ধে লিংগ বৈষম্য প্ৰতিৰোধ কৰিবলৈ, দিল্লী মেট্ৰ'ই দিব্যাংগ লোকসকলৰ লগতে তৃতীয় লিঙ্গৰ ব্য়ক্তিসকলৰ বাবেও পৃথক শৌচালয়ৰ ব্যৱস্থা কৰিছে।"

বৰ্তমান, দিল্লী মেট্ৰ'ত অন্যান্য যাত্ৰীয়ে ব্যৱহাৰ কৰা নিয়মীয়া শৌচালয়ৰ উপৰিও ৩৪৭ টা পৃথক শৌচালয় আছে। তৃতীয় লিঙ্গ (অধিকাৰ সুৰক্ষা) আইন, ২০১৯ ৰ ধাৰা ২২ অনুসৰি এই ব্যৱস্থাবোৰে ৰাজহুৱা শৌচালয়ৰ সুবিধাকে ধৰি সকলো ৰাজহুৱা ভৱনত তৃতীয় লিঙ্গৰ সম্প্ৰদায়ৰ বাবে পৰ্যাপ্ত কল্যাণমূলক ব্যৱস্থাৰ নিৰ্দেশ দিয়া হ'ব বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

Ad
Cartoon
View Older

 

February 7, 2023


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account