গুৱাহাটী, ৩০ আগষ্টঃ অভিনেতা অনুপম খেৰে শেহতীয়াকৈ প্ৰকাশ কৰিছে যে, তেওঁ বৰ্তমান মুম্বাইত বাস কৰা বাসগৃহটো তেওঁৰ নিজৰ নহয় বৰঞ্চ তেওঁ এটা ভাড়াঘৰত হে বসবাস কৰি আছে। সামাজিক মাধ্যমত এই কথা উল্লেখ কৰি তেওঁ লিখিছিল যে, তেওঁৰ কেৱল চিমলাতহে এটা সম্পত্তি ক্ৰয় কৰিছে, যিটো তেওঁৰ মাতৃ দুলাৰী খেৰৰ নামত পঞ্জীভুক্ত আছে।
এই বিষয় সন্দৰ্ভত অনুপমে নিজ মুখে সকলো কথা বিৱৰি কয় যে, "মোৰ মুম্বাইত নিজৰ নামত এটা এপাৰ্টমেণ্টো নাই। মই দীৰ্ঘদিনৰ পৰা এটা ভাড়াঘৰতহে বসবাস কৰি আহিছো। মই ৪-৫ বছৰ আগতে সিদ্ধান্ত লৈছিলো যে মই কোনো সম্পত্তিৰ গৰাকী হ'ব নিবিচাৰো। চাৰি বছৰ আগতে মই ক্ৰয় কৰা একমাত্ৰ সম্পত্তিটো আছিল চিমলাত মোৰ মাৰ নামত পঞ্জীভুক্ত থকা বাসগৃহটো।"
বৰ্তমান, অনুপমে জিন্দেগী কা চফৰ নামৰ এটা অনুষ্ঠানৰ বাবে আমেৰিকা ভ্ৰমণলৈ গৈছে, য'ত তেওঁ চিনেমা উদ্যোগত তেওঁৰ যাত্ৰাৰ বিৱৰণ দিব, তেওঁৰ কিছুমান চিনেমাৰ সংলাপত অভিনয় কৰি দেখুৱাব।
Comments
তৃতীয় লিঙ্গৰ ব্য়ক্তিসকলৰ বাবে দিল্লী মেট্ৰ'ৰ পৃথক শৌচালয়ৰ ব্যৱস্থা
Published on August 30, 2021|News Source : অৰূপ ডেকা
উক্ত বিষয় সন্দৰ্ভত দিল্লী মেট্ৰ'ৰ এজন বিষয়াই কয় যে, "নিৰাপত্তা প্ৰদান কৰিবলৈ আৰু তৃতীয় লিঙ্গৰ সম্প্ৰদায়ৰ বিৰুদ্ধে লিংগ বৈষম্য প্ৰতিৰোধ কৰিবলৈ, দিল্লী মেট্ৰ'ই দিব্যাংগ লোকসকলৰ লগতে তৃতীয় লিঙ্গৰ ব্য়ক্তিসকলৰ বাবেও পৃথক শৌচালয়ৰ ব্যৱস্থা কৰিছে।"