গুৱাহাটী, ৩০ আগষ্টঃ বলীউডৰ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰে পৰা, বলীউড আৰু ড্ৰাগৰ ব্যৱসায়ৰ মাজত এক গভীৰ সম্পৰ্কৰ বহুটো তথ্য প্ৰকাশ পাই আহিছে। বিগত বৰ্ষৰ পৰা বলীউডৰ বহুটো তাৰকাৰ নাম ড্ৰাগছ গোচৰৰ সৈতে জড়িত হৈ অহা দেখিবলৈ পোৱা গৈছে।
এনে ক্ষেত্ৰত, শেহতীয়াকৈ নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোয়ে সোমবাৰে অভিনেতা আৰমান কোহলীৰ বাসগৃহত ড্ৰাগছ গোচৰৰ সন্দৰ্ভত অভিযান চলাই আৰু পৰৱৰ্তী সময়ত এনচিবিয়ে নিজৰ জিম্মাত লয়।
এনচিবিয়ে জানিবলৈ দিয়া অনুসৰি আৰমান কোহলীৰ বাসগৃহৰ পৰা বৃহৎ পৰিমানৰ ড্ৰাগছ উদ্ধাৰ কৰা হৈছে। যাৰ পিছত তেওঁক এনচিবিৰ কাৰ্যালয়লৈ লৈ যোৱা হৈছে।
আৰমানক এতিয়া এনচিবিৰ বিষয়াসকলে সোধা-পোছা অব্যাহত ৰাখিছে। এনচিবিৰ আঞ্চলিক সঞ্চালক (মুম্বাই) সমীৰ ৱানখেডে উক্ত বিষয় সন্দৰ্ভত কয় যে, "অভিনেতা আৰমান কোহলীয়ে অভিযানৰ পিছত এনচিবিয়ে উত্থাপন কৰা প্ৰশ্নসমূহৰ উত্তৰ অস্পষ্টভাৱে দিছিল। তাৰ পিছত তেওঁক এনচিবি কাৰ্যালয়ত সোধা-পোছাৰ বাবে জিম্মাত লোৱা হৈছে।"
Comments