Cartoon
View Older
গুৱাহাটী,৩০ আগষ্ট:গোৱা চহৰত যোৱা ২৭, ২৮ আৰু ২৯ আগষ্টত ৰাষ্ট্ৰীয় চিনিয়ৰ আৰু মাষ্টাৰ কিক বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ উক্ত খেলত ভাৰতৰ আটাইকেইখন ৰাজ্যৰ ৬০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰে৷ অসমৰ হৈ হিৰণ্য বৰুৱাৰ নেতৃত্বত ১৬০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। অলপতে হৈ যোৱা টকিঅ’ অলিম্পিক খেলত এই কিক বক্সিং খেল বিধক আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাই মান্যতা প্ৰদান কৰে৷
গোৱা কিক বক্সিং সন্থাই আয়োজন কৰা এই খেলখনত ৬ টা বিভিন্ন শাখাৰ খেল অনুষ্ঠিত হয়। তাৰ ভিতৰত ৮৬ কেজি তলৰ শাখাত হাজো (বাকতা)ৰ মিণ্টু কলিতাই সোণৰ পদক অৰ্জন কৰাৰ লগতে ৮১ কেজি শাখাৰ তলত নলবাৰী জিলাৰ ৰঞ্জিত বৰুৱাই ৰূপৰ পদক অৰ্জন কৰি অসমলৈ সুনাম কঢ়িয়াই আনে। উক্ত দুয়োজন খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় কুম্ফু খেলুৱৈ নলবাৰী জিলাৰ ধৰ্মেশ্বৰ হালৈৰ অধীনত অনুশীলন কৰি আছে।
Comments