গুৱাহাটী,৩০ আগষ্ট:নাভিটো শৰীৰৰ বিভিন্ন স্নায়ুৰ সৈতে সংযোজিত আৰু সেয়েহে যদি আপুনি নাভিত তেল প্ৰয়োগ কৰে তেন্তে বহু ক্ষেত্রত লাভান্বিত হোৱা দেখা পোৱা যায়। নাভিত তেল প্ৰয়োগ কৰাটো এক প্ৰাচীন আয়ুৰ্বেদিক প্ৰথা আৰু ই নাভি চক্ৰক সক্ৰিয় কৰে। আয়ুৰ্বেদ শাস্ত্ৰৰ মতে নাভিত তেল দিলে ছালৰ মানদণ্ড উন্নত কৰাৰ পৰা চুলিৰ বিকাশ আৰু হজমৰ সমস্যালৈকে উপশম ঘটায় ।
নাভিত কোনটো তেল প্ৰয়োগ কৰিব লাগে:
নাভিত তেল প্ৰয়োগ কৰিলে মুখমণ্ডলৰ উজ্বলতা বৃদ্ধি হয় আৰু ইয়াৰ দৈনন্দিন ব্যৱহাৰৰ যথেষ্ট লাভালাভ আছে। আজি আমি আপোনাক ক'ম যে নাভিত কোনটো তেল প্ৰয়োগ কৰিব লাগে।
নাভিত সৰিয়হ, বাদাম আৰু জলফাই তেল ব্যৱহাৰ কৰিব কিয়নো ই মুখমণ্ডল উন্নত কৰে আৰু ছালৰ শুকান সমস্যাৰ পৰা সকাহ দিয়ে। ইয়াক বেছিভাগ শীতকালত ব্যৱহাৰ কৰিব পাৰি।নাভিত নিম বা নাৰিকল তেলৰো প্ৰয়োগ কৰিব পাৰে । নাভিত নাৰিকল তেল দিলে ছাল কোমল হৈ থাকে। গতিকে আপুনি ইয়াক আপোনাৰ দৈনন্দিন ৰুটিনৰ এটা অংশ কৰি লোৱা উচিত। যদি আপুনি নিশা শুই থাকোঁতে ইয়াক অনুসৰণ কৰে,তেন্তে ই আপোনাৰ স্বাস্থ্যৰ বাবে ভাল হ'ব।
আপুনি কোনটো সমস্যাৰ বাবে কোনটো তেল ব্যৱহাৰ কৰিব পাৰে:
নিম তেল - শালমইনাৰ বাবে
কেষ্টৰ অইল - ঋতুস্ৰাৱৰ বিষৰ পৰা উপশমৰ বাবে
সৰিয়হৰ তেল - গেষ্ট্ৰিক সমস্যাত
বাদাম তেল বা ঘিউ-উজ্জ্বল ছালৰ বাবে
বিশ্বৰ বিভিন্ন সংস্থা যেনে অহায়' ষ্টেট ইউনিভাৰ্চিটি ৱেক্সনাৰ মেডিকেল চেণ্টাৰ,Alternative and Complementary Medicine, Asian Pacific Journal of tropical Biomedicine ৰ দৰে জাৰ্নেলে এৰ'মা থেৰাপিৰ যুক্তি যুক্ততা বাখ্যা কৰিছে। আয়ুৰ্বেদ শাস্ত্ৰৰ মতে শৰীৰৰ প্ৰত্যেকটো অংগৰেই নিজা নিজা কৰ্ম দক্ষতা আছে,এল'পেথিয়ে এই মান্যতাৰ ওপৰত পিছে প্ৰচণ্ড যুক্তি-তৰ্ক কৰে আৰু কয় যে শৰীৰৰ অন্য অংশত তেল দিলে যেনেকুৱা ধৰণৰ লাভ হয়, ঠিক তেনেদৰে নাভিত দিলেও একেই লাভ হয় । কোনো পৃথক নহয়।
Comments