গুৱাহাটী, ৩১ আগষ্টঃ বলীউডৰ অভিনেতা তথা প্ৰযোজক জন আব্ৰাহামক বন্যপ্রাণীৰ ওপৰত নিৰ্মাণ কৰা এক নতুন মাৰ্চি ইণ্ডিয়া বিজ্ঞাপনত দেখিবলৈ পোৱা গৈছে, যিয়ে মানুহক জীৱ-জন্তুৰ প্ৰতি দয়ালু হ'বলৈ উৎসাহিত কৰিছে। বিজ্ঞাপনটোৰ মূল শিৰোনামাত লিখা আছে, "এইখন পৃথিৱীত আপুনি যি ইচ্ছা হ'ব পাৰে, ভাল হওক।"
লগতে তাৰকা গৰাকীয়ে "বন্যপ্রাণী সমূহে আমাৰ মৰম, সন্মান বিচাৰে আৰু সদায়ে স্বাধীনতা প্ৰদান কৰিব লাগে" বুলি অভিযানৰ জৰিয়তেএই বাৰ্তা প্ৰদান কৰিছে বুলি উল্লেখ কৰে।
অভিনেতাজনে শেহতীয়াকৈ তেওঁৰ অনুৰাগীসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সম্বোধন কৰা এখন আৱেদনত স্বাক্ষৰ কৰি বন্যপ্রাণীৰ প্ৰতি থকা নিষ্ঠুৰ ভাৱৰ বিৰুদ্ধে নমা যুঁজখনত সকলোকে সমৰ্থন কৰিবলৈ আহ্বান জনাইছিল। জন অব্ৰাহামে পশু সুৰক্ষাৰ স্বাৰ্থত বিভিন্ন পশু কল্যাণ অভিযানত তেওঁৰ সৰ্বশক্তি প্ৰদান কৰিছিল।
ইপিনে, জীৱ-জন্তুৰ প্ৰতি অভিনেতা জন অব্ৰাহামৰ সহানুভূতিৰ বিষয়ে মন্তব্য কৰি মাৰ্চি ফৰ এনিমেলছৰ মুখ্য কাৰ্যবাহী বিষয়া নিকুঞ্জ শৰ্মাই কয় যে, "পশু সুৰক্ষা আইনক অধিক শক্তিশালী কৰি তুলিবলৈ তেওঁ অনুৰাগীসকলক কৰা আহ্বানে বুজায় যে, জন আব্ৰাহাম বন্যপ্রাণী আৰু জীৱ-জন্তুৰ অধিকাৰৰ প্ৰতি কিমান দায়িত্বশীল ব্যক্তি। তেওঁ প্ৰয়োজনৰ সময়ত সদায়ে বন্যপ্ৰাণী সমূহৰ বাবে মাত মাতি আহিছে।"
Comments